গুৱাহাটী,২৩ জুন:গুৱাহাটীৰ ৰেডিশ্বন ব্লুলৈ এতিয়া শিৱসেনাৰ বিসম্বাদী বিধায়কৰ সোঁত বৈছে । বৃহস্পতিবাৰে পুৱা অসমত উপস্থিত হয় ৭ জনকৈ বিসম্বাদী বিধায়ক ৷ পুৱা ৭.৩০ বজাত প্ৰথমে তিনিজন আৰু তাৰপাছত ১০.৩০ বজাত আন ৪ জন শিৱসেনাৰ বিসম্বাদী বিধায়ক উপস্থিত হয় গুৱাহাটীৰ বিলাসী হোটেল ৰেডিশ্বন ব্লুত ।
মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়ককেইগৰাকীক বৰঝাৰ বিমানবন্দৰৰ পৰাই কটকটীয়া নিৰাপত্তাৰে ৰেডিছন ব্লুলৈ লৈ যোৱা হয় ।অসমত উপস্থিত হোৱা বিধায়ককেইজন ক্ৰমে শিৱসেনাৰ চাদা চাৰৱাঙ্কাৰ, মংগেশ কুদালকাৰ, উদাৰকাৰ, দাদা ভুচেৰা, দীপক মেৰকান্ত আৰু শিৱসেনাৰ সমৰ্থিত আৱিচিনী জাছৱাল বুলি জানিব পৰা হৈছে ৷ অৱশ্যে ইয়াৰে এজন বিধায়কৰ নাম বৰ্তমানো জানিব পৰা হোৱা নাই ৷ ইতিমধ্যে শিৱসেনাৰ বিদ্ৰোহী নেতা একনাথ সিন্দেই শিৱসেনাৰ ৩৮ আৰু নিৰ্দলীয় ৭ গৰাকী বিধায়কক লগত লৈ গুৱাহাটীৰ ৰেডিশ্বন ব্লুত বাহৰ পাতি আছে ।
ৰেডিশ্বন ব্লুত উপস্থিত মহাৰাষ্ট্ৰৰ আৰু ৭ বিসম্বাদী বিধায়ক শিৱসেনাৰ বিদ্ৰোহী নেতা একনাথ সিন্দেৰ নেতৃত্বত মহাৰাষ্ট্ৰৰ ৪১ গৰাকী বিসম্বাদী বিধায়কে বুধবাৰে পুৱা বৰঝাৰ বিমানবন্দৰৰ পৰাই কটকটীয়া নিৰাপত্তাৰে ৰেডিছন ব্লুলৈ আহিছিল । এই বিধায়কসকল চুৰাটত বাহৰ পাতি আছিল । তাৰ পৰাই তেওঁলোকক গুৱাহাটীলৈ অনা হয় । আকৌ বুধবাৰে নিশা ৯ বজাত মহাৰাষ্ট্ৰৰ চাৰি শিৱসেনাৰ বিসম্বাদী বিধায়ক উপস্থিত হৈছিল গুৱাহাটীৰ ৰেডিশ্বন ব্লুত । লগতে গুজৰাটৰ বিজেপিৰ ৰাজ্যিক সভাপতি চন্দ্ৰকান্ত পাটিলো আহিছিল ।গুৱাহাটীত এতিয়া ৪৮ জন বিসম্বাদী বিধায়কে আৰম্ভ কৰিছে একনাথ সিন্দেৰ নেতৃত্বত ৰাজনীতিৰ নতুন অংক ।
অবিজেপি শাসিত মহাৰাষ্ট্ৰৰ চৰকাৰ ভঙা-পতাৰ খেলখন অসমত হোৱাক লৈ চলিছে বিশেষ চৰ্চা । মহাৰাষ্ট্ৰৰ তিনি বিসম্বাদী বিধায়কৰ বাহন ৰেডিশ্বন ব্লুৰ সম্মুখত সাংবাদিকে ঘেৰি ধৰে যদিও তেওঁলোকে কোনো মন্তব্য কৰাৰ পৰা বিৰত থাকে ।
Comments