গুৱাহাটী, ২২ জুন : দেশৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে এন ডি এই ঝাৰখণ্ডৰ প্ৰাক্তন ৰাজ্যপাল দ্রৌপদী মুমুৰ নাম ঘোষণা কৰাৰ পাছতেই জনজাতীয় নেত্ৰীগৰাকীৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে। কালি এন ডি এই ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে মুমুৰ নাম ঘোষণা কৰাৰ পাছত আজি তেওঁক জেদ প্লাছ নিৰাপত্তা প্ৰদান কৰা হয়। প্ৰাৰ্থীগৰাকীৰ নিৰাপত্তাৰ বাবেই চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। ইপিনে, মুমুৱে আজি মন্দিৰত পূজা-অৰ্চনা কৰি ৰাষ্ট্ৰপতি নিৰ্বাচনৰ যাত্ৰা আৰম্ভ কৰে।
জনজাতীয় নেত্ৰীগৰাকীয়ে আজি পুৱা ওড়িশাৰ ৰাইৰংপুৰত জগন্নাথ মন্দিৰত উপস্থিত হৈ প্ৰাৰ্থনা কৰে। ইয়াৰ পাছত তেওঁ উপস্থিত হয় এটা শিৱ মন্দিৰত। শিৱ মন্দিৰটোত উপস্থিত হৈ মুমুৱে এডাল ঝাড়ুৰে মন্দিৰ চৌহদ পৰিষ্কাৰ কৰে। এগৰাকী সাধাৰণ মহিলাৰ দৰে মুৰ্মূৱে হাতত ঝাড়ু লৈ মন্দিৰ চাফা কৰাৰ ভিডিঅ'টো ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ইপিনে, কালি এন ডি এই ৰাষ্ট্ৰপতি পদৰ বাবে মুমুৰ নাম ঘোষণা কৰা বুলি শুনি তেওঁ আচৰিত হৈ পৰা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে। অহা ১৮ জুলাইত হ'বলগীয়া ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে মুমুৱে অহা ২৫ জুনত মনোনয়ন দাখিল কৰিব।
Comments