Cartoon
View Older
গুৱাহাটী,২৩ জুন:হিমাচল প্ৰদেশৰ নাগ্লোটাত সামৰণি পৰা খেলো ইণ্ডিয়া মহিলাৰ ভাৰোত্তোলন প্রতিযোগিতাত অসমৰ হৈ আন এটা পদক দখল কৰিবলৈ সক্ষম হৈছে মধুমিতা বৰুৱাই। মহিলাৰ ৮৭ কেজি শাখাত মধুমিতাই ব্ৰঞ্জৰ পদক জয় কৰে। খেলুৱৈগৰাকীয়ে স্নেটছত ৮৩ কেজি আৰু ক্লিন এণ্ড জার্কত ১০৫ কেজি উত্তোলন কৰে।
সামগ্রিকভাৱে ১৮৮ কেজি উত্তোলন কৰে মধুমিতাই। ইয়াৰ আগেয়ে এই প্রতিযোগিতাত অসমৰ হৈ ত্ৰিলোচনা ফুকন আৰু পঞ্চমী সোণোৱালে ৰূপৰ পদক জয় কৰিবলৈ সক্ষম হয়। আনহাতে, ৰেলৱে দলক প্রতিনিধিত্ব কৰা অসমৰে আন এগৰাকী খেলুৱৈ পপী হাজৰিকাই স্বর্ণপদক জয় কৰে প্ৰতিযোগিতাখনত।
Comments