গুৱাহাটী,২৩ জুন:টিহু,বুঢ়াদিয়া আৰু কালদিয়া নদীৰ জলপৃষ্ঠ হ্ৰাস পোৱাৰ লগে লগে সৰ্থেবাৰী ৰাজহ চক্ৰৰ নৈপৰীয়া ঠাইবোৰৰ বান পৰিস্থিতিৰ কিছু উন্নতি হৈছে যদিও গাঁও-ভূঁইৰ পানী অতি ধীৰ গতিত কমিবলৈ ধৰিছে। চোতাল-বাৰী এতিয়াও পানীত বুৰি আছে। এতিয়াও বহু লোক আশ্রয় শিবিৰতে আছে। পৰিৱেশ উন্নত হ'বলৈ ঠায়ে ঠায়ে আৰু ২/৩ দিনৰ প্ৰয়োজন হ'ব।
বানপিড়িত ৰাইজৰ লগতে পশুধনৰ খাদ্য আৰু খোৱা পানীৰ ভীষণ সমস্যাই দেখা দিছে। ছদিন বানৰ মাজত থকাৰ পাছতো সৰ্থেবাৰী নগৰকে ধৰি বহু গাঁৱৰ বানপিড়িতই আজিলৈ চৰকাৰৰপৰা কোনো সাহায্য পোৱা নাই। স্থানীয় প্ৰশাসনৰ চৰম গাফিলতিৰ বাবে দুর্গতসকলে বান সাহায্য পোৱাত বিলম্ব ঘটা বুলি অভিযোগ উঠিছে। আনকি দুৰ্গম ঠাইৰ আশ্ৰয় শিবিৰত থকা লোকসকলক পোহৰৰ ব্যৱস্থা, খোৱাপানী আৰু সামান্য খাদ্যকণৰপৰাও বঞ্চিত হোৱাৰ অভিযোগ উঠিছে। সৰ্থেবাৰীৰ ৰাজহ চক্ৰত বিদ্যালয়, ৰাজহুৱা অনুষ্ঠান, নামঘৰকে ধৰি শতাধিক আশ্ৰয় স্থানত আশ্রয় শিবিৰ আছে। কিন্তু জিলা প্ৰশাসনৰ তথ্য মতে আশ্রয় শিবিৰৰ সংখ্যা মাত্ৰ নটা।
এইবোৰ হ'ল পাকা মৌজাৰ হৰেন চিত্ৰা মহাবিদ্যালয়, পশ্চিম পাকা আজাদ মেম'ৰিয়েল, সৰুক্ষেত্ৰী মৌজাৰ সৰ্থেবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, সৰ্থেবাৰী বালিকা বিদ্যালয়, গহিয়া হাইস্কুল, কামাৰপাৰা প্ৰাথমিক বিদ্যালয়, আমৃখোৱা হাইস্কুল, সৰুক্ষেত্ৰী হাইস্কুল, কুকাৰপাৰ হাইস্কুল, পাকা বৰশিমলা হাইস্কুল, বৰশিমলা মজলীয়া বিদ্যালয়, নেউলাৰ ভিঠা বজাৰ গৃহ, জনতা ভেৱৰ্তল প্রাথমিক বিদ্যালয়, পূব পাকা বড়ো এম ই স্কুল, নন্দৰাম হাইস্কুল, পঞ্চগ্রাম সামূহিক কেন্দ্ৰকে ধৰি আন বিভিন্ন শিক্ষানুষ্ঠান, নামঘৰ আৰু ৰাজহুৱা অনুষ্ঠানত থকা আশ্রয় শিবিৰৰ তথ্য প্ৰশাসনৰ ওচৰত নাই। শিবিৰবোৰত প্ৰশাসনৰ তৰফৰপৰা খোৱাপানীকে ধৰি খাদ্যৰ অভাৱ। পানী কমিবলৈ ধৰাৰ লগে লগে আশ্রয় শিবিৰবোৰৰ চৌপাশে কদৰ্য পৰিৱেশৰ সৃষ্টি হৈছে।
শিবিৰৰ লগতে বানপিড়িত ৰাইজৰ ঘৰ-দুৱাৰসমূহতো অস্বাস্থ্যকৰ পৰিৱেশে বিৰাজ কৰিছে আৰু জনস্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। জনস্বাস্থ্য বিভাগে অতি সোনকালে অঞ্চলটোত ফেনাইল, ব্লিচিং পাউডাৰ আৰু বিশুদ্ধ খোৱাপানী যোগানৰ ব্যৱস্থা কৰাৰ প্ৰয়োজন। জনপ্রতিনিধি আৰু প্ৰশাসনৰ কোনো লোকে বানপীড়িত অঞ্চললৈ গৈ ৰাইজৰ খা-খবৰ নকৰা বুলি বানপীড়িত ৰাইজে অভিযোগ কৰিছে। ইপিনে, জিলা প্ৰশাসনৰ তথ্য মতে, ইতিমধ্যে সৰ্থেবাৰী ৰাজহ চক্ৰত ১১৭৭ কুইণ্টল পশুখাদ্য বিতৰণ কৰা হৈছে আৰু বন্যাক্রান্ত ৰাইজৰ মাজত চাউল, দাইল, নিমখ বান সাহায্য হিচাপে বিতৰণ কৰাৰ ব্যৱস্থা কালিৰেপৰা আৰম্ভ কৰা হৈছে। সৰ্থেবাৰী ৰাজহ চক্ৰত ১৩৫খন ৰাজহ গাঁৱৰ ৩,৩৫, ৮৩৭জন লোক বানৰ কবলত পৰিছে আৰু ২০১৮ হেক্টৰ কৃষিভূমিৰ পাচলি নষ্ট হৈছে। অঞ্চলটোৰ ১,৭৩,৮২১টা পশুধন বানত আবদ্ধ হৈ আছে। ইপিনে, বিভিন্ন ব্যক্তি আৰু অনুষ্ঠানে বানপিড়িতক খোৱাপানী আৰু খাদ্য যোগান ধৰিছে।
Comments