গুৱাহাটী,২৩ জুন:টিহু,বুঢ়াদিয়া আৰু কালদিয়া নদীৰ জলপৃষ্ঠ হ্ৰাস পোৱাৰ লগে লগে সৰ্থেবাৰী ৰাজহ চক্ৰৰ বিভিন্ন অঞ্চলত বান পৰিস্থিতিৰ কিছু উন্নতি হৈছে যদিও গাঁও-ভূঁইৰ পানী এতিয়াও কমা নাই। এতিয়াও বহু লোক আশ্রয় শিবিৰতে আছে। তেনে সময়তেই দুর্গতসকলৰ মাজত প্ৰত্যেকবাৰৰ দৰে এইবাৰো থিয় দিলে শংকৰদেৱ শিশু নিকেতন, সৰ্থেবাৰীৰ প্ৰাক্তন ছাত্ৰ-ভাৰতীৰ সদস্য সকলে। সৰ্থেবাৰীৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন বিদ্যালয়, ৰাজহুৱা অনুষ্ঠান, নামঘৰকে ধৰি শতাধিক আশ্ৰয় স্থানত আশ্রয় শিবিৰ স্থাপন কৰি থকা লোকসকলক প্ৰাক্তন ছাত্ৰ-ভাৰতীয়ে নিজৰ সাধ্য অনুসাৰে সহায় কৰে।
তেওঁলোকে কাৰাকুছি, নামশালা, বাপুজী নগৰ, সৰ্থেবাৰীৰ ল'ৰা হাইস্কুল, জমথেৰ চুপা, কাতিয়াথেৰ চুপা, আতাথে চুপা, শালাকাথিয়াথেৰ চুপাৰ বিভিন্ন অঞ্চলৰ শিৱিৰত বাস কৰা প্ৰায় ৬৫০ জন মানুহক সাহায্য সামগ্রী প্ৰদান কৰে। সাহায্য সামগ্রী সমূহৰ ভিতৰত আছিল চাউল, চিৰা, গুড়, মুৰি, বিস্কুট, পানীৰ বটল, ব্লিছিং পাউদাৰ আৰু চেনটেৰি পেড।
বানবিধ্বস্ত সৰ্থেবাৰীৰ বানাক্ৰান্তৰ খবৰ ল'বলৈ আহৰি নাই জনপ্রতিনিধি বা চৰকাৰ-প্ৰশাসনৰ। ইয়াৰ বিপৰীতে বানত জুৰুলা হোৱা সৰ্থেবাৰী অঞ্চলৰ বানাক্ৰান্তৰ কাষত থিয় হোৱা এইদল ছাত্ৰ-ছাত্ৰী আৰু কিছু সমাজহিতৈষী লোকক ধন্যবাদ জ্ঞাপন কৰিলে সৰ্থেবাৰীৰ সমূহ ৰাইজে।
প্ৰাক্তন ছাত্ৰ-ভাৰতীৰ সদস্য হিমাংশু ডেকাই জানিবলৈ দিয়া মতে,"প্ৰত্যেকবাৰৰ দৰে এইবাৰো অঞ্চলটোৰ বান পীড়িত ৰাইজৰ বাবে কিছু সাহায্য সামগ্ৰী বিতৰণ কৰিলোঁ।এইবাৰ আমাৰ সৰ্থেবাৰী প্ৰত্যেকটো অঞ্চল বান বিধ্বস্ত হৈ পৰিছে। প্ৰত্যেকটো পৰিয়ালক সহায় কৰাটো আমাৰ বাবে সম্ভৱপৰ নহয় সেইবাবে শিৱিৰত বাস কৰা লোক সকলকেই আমি পাৰ্য্য পৰিমানে সহায় কৰাৰ চেষ্টা কৰিছোঁ।আমি যিহেতু সকলো ছাত্ৰ সেইবাবে আমাৰ হাতে বিচাৰি পোৱাৰ পৰা আজুৰি আনি এইখিনি কৰিবলৈ আজি সক্ষম হৈছোঁ।অনাগত দিনতো এনে কাৰ্য আমি কৰি যাবলৈ আমি সদায়ে বদ্ধপৰিকৰ।"
Comments