গুৱাহাটী, ২৩ জুনঃ আজি অৰ্থাৎ বৃহস্পতিবাৰে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস উপলক্ষে অসম এথলেটিকছ সন্থা আৰু গুৱাহাটী ক্ৰীড়া সন্থাৰ যুটীয়া উদ্যোগত ১০ কিলোমিটাৰ প্ৰাইজমানি দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। এই প্ৰতিযোগিতা পুৱা ৫ বজাত খানাপাৰা খেলপথাৰৰ পৰা আৰম্ভ হৈ নেহেৰু ষ্টেডিয়ামত সামৰণি পৰে।
পুৰুষ-মহিলা উভয়ে অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাৰ উদ্বোধনী ফ্লেগ অফ আৰু বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকে অসম সন্তান তথা দৌৰবিদ অম্লান বৰগোঁহাই লগতে অভিনেত্ৰী প্ৰস্ততি পৰাশৰ, কন্ঠশিল্পী ভৃগু কাশ্যপ।
প্ৰতিযোগিতাৰ পুৰুষৰ শাখাত প্ৰথম বিজয় ডেকা, দ্বিতীয় বিপিন মুণ্ডা, তৃতীয় হান্নান আলী, চতুৰ্থ তপোজ্জল ফুকন, পঞ্চম স্থান লাভ কৰে দেৱজিৎ ৰজকে।
আনহাতে মহিলাৰ শাখাত প্ৰথম ৰেখামণি শইকীয়া, দ্বিতীয় মোতোৱাৰা আহমেদ, তৃতীয় ধৃতিমা উজীৰ, চতুৰ্থ সবিতা কুমাৰী আৰু পঞ্চম পুৰস্কাৰ ৰেজিনা পাৰ্বীনে লাভ কৰে। প্ৰতিযোগিতাৰ শেষত নেহেৰু ষ্টেডিয়ামত বিজয়ী প্ৰতিযোগীসকলক আমন্ত্ৰিত অতিথিসকলে নগদ ধনৰ পুৰস্কাৰ আগবঢ়ায়।
Comments