গুৱাহাটী,২৩ জুন:উদ্ধৱ ঠাকৰেই মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ পদ হেৰুওৱাৰ কোনো আশঙ্কা নাই,আজি শিৱসেনাৰ সঞ্জয় ৰাউতে ঘোষণা কৰিলে এই কথা। বৃহস্পতিবাৰে ৰাতিপুৱা ৰেডিশ্বন ব্লুত উপস্থিত হয় মহাৰাষ্ট্ৰৰ আৰু ৭ জন বিসম্বাদী বিধায়ক।শিৱসেনাৰ বিদ্ৰোহী নেতা একনাথ সিন্দেৰ নেতৃত্বত মহাৰাষ্ট্ৰৰ ৪১ গৰাকী বিসম্বাদী বিধায়কে বুধবাৰে পুৱা বৰঝাৰ বিমানবন্দৰৰ পৰাই কটকটীয়া নিৰাপত্তাৰে ৰেডিছন ব্লুলৈ আহিছিল ।
এই বিধায়কসকল চুৰাটত বাহৰ পাতি আছিল । তাৰ পৰাই তেওঁলোকক গুৱাহাটীলৈ অনা হয় । আকৌ বুধবাৰে নিশা ৯ বজাত মহাৰাষ্ট্ৰৰ চাৰিজন শিৱসেনাৰ বিসম্বাদী বিধায়ক উপস্থিত হৈছিল গুৱাহাটীৰ ৰেডিশ্বন ব্লুত লগতে গুজৰাটৰ বিজেপিৰ ৰাজ্যিক সভাপতি চন্দকান্ত পাটিলো আহিছিল ।গুৱাহাটীত এতিয়া ৪৮ জন বিসম্বাদী বিধায়কে আৰম্ভ কৰিছে একনাথ সিন্দেৰ নেতৃত্বত ৰাজনীতিৰ নতুন অংক । অবিজেপি শাসিত মহাৰাষ্ট্ৰৰ চৰকাৰ ভঙা-পতাৰ খেলখন অসমত হোৱাক লৈ চলিছে বিশেষ চৰ্চা ।
আজি ৰাতিপুৱা ঠাকৰেৰ দলৰ এজন জ্যেষ্ঠ নেতা সঞ্জয় ৰাউতে কয় যে বিদ্ৰোহী বিধায়কসকলৰ ২০ জন আমাৰ সৈতে যোগাযোগত আছে। পিছলৈ সঠিক কথা সকলোৱে গম পাব ।
Comments