গুৱাহাটী,২৩ জুন:ৰাষ্ট্রপতি নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা নিশ্চিত কৰাত বিজেপিৰ প্রয়োজন আছিল ১২ হাজাৰৰ ওচৰা-ওচৰি ভোটৰ। ৰাষ্ট্রপতি পদত উড়িশাৰ ভূমিকন্যা তথা জনজাতি সমাজৰ প্রতিনিধি দ্রৌপদী মুর্মুক থিয় কৰাই ৰাজ্যৰ শাসক দল বিজেডিৰ ৩২ হাজাৰ ভোট নিশ্চিত কৰে নৰেন্দ্র মোদীৰ দলে।
কংগ্রেছৰ মিত্ৰদল তথা ঝাড়খণ্ডৰ শাসক দল ঝাড়খণ্ড মুক্তি মৰ্চাইও ৰাজ্যৰ জনজাতি সমাজৰ কথা ভাবি দ্রৌপদীক সমর্থন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । উল্লেখ্য, বাজপেয়ী চৰকাৰৰ মন্ত্রী যশৱন্ত সিন্হাক ৰাষ্ট্রপতি পদপ্রার্থী হিচাবে বাছনি কৰে বিৰোধী শিবিৰে । তাৰ পিছত এনডিএৰ ৰাষ্ট্রপতি পদ প্রার্থী হিচাবে দ্রৌপদী মুর্মুৰ নাম ঘোষণা কৰে বিজেপি সভাপতি জেপি নড্ডাই । ৰামনাথ কোবিন্দৰ উত্তৰসুৰী নির্বাচনৰ প্রশ্নত বিজেডিৰ প্রায় তিনি শতাংশ ভোট পোৱাটো নিশ্চিত আছিল দুই শিবিৰৰ। কিন্তু দ্রৌপদীৰ নাম ঘোষণাৰ পিছতে ওড়িশার মুখ্যমন্ত্রী তথা বিজেডি নেতা নবীন পাটনায়কে জনায়, ৰাষ্ট্রপতি নির্বাচনত তেওঁৰ দলে ভূমিকন্যাকেই সমর্থন কৰিব।
এই যাত্রাত ৰাষ্ট্রপতি নির্বাচনত মুঠ ভোটৰ মূল্য হ’ল ১০,৮৬,৪৩১। সংখ্যাগৰিষ্ঠতাত মাত্র ১.৯ শতাংশ ভোট কম আছিল এনডিএ শিবিৰৰ। বিজেডিৰ ২.৯ শতাংশ ভোটৰ সমর্থন লাভ কৰি আগবাঢ়ি অহাত এনডিএ প্রার্থী দ্রৌপদী মুৰ্মুৰ জয় এতিয়া নিশ্চিত হ'ল প্ৰায়।
Comments