মৰিগাঁও,২৩ জুন ঃ অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই আজি আবেলি মৰিগাঁৱত উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ লোৱা লগতে বন্যাতৰ লগত মতবিনিময় কৰে। মৰিগাঁও জিলাৰ ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত থকা কোমোৰাগুৰি আৰু বৰশাল অঞ্চলত বান পৰিস্থিতিৰ বুজ লোৱা পিছতেই মৰিগাঁও চহৰৰ শংকৰ মাধৱ উচ্চ মাধ্যমিক বিদ্যালয়ত জিলা প্ৰশাসনে স্থাপন কৰা আশ্ৰয় শিবিৰ পৰিদৰ্শণ কৰে।
মৰিগাঁও চহৰৰ সমীপৱতী মৰাকলং অঞ্চলৰ ২৯ টা পৰিয়ালৰ ১৭৩ জন লোকে আশ্ৰয় গ্ৰহণ কৰি থকা আশ্ৰয় শিবিৰত মন্ত্ৰী কেশৱ মহন্তই বন্যাতৰ সকলৰ অভাব অভিযোগ সমূহ বুজ লোৱাৰ লগতে বান সাহাৰ্য সঠিক ভাবে লাভ কৰিছে নে নাই সেই সন্দৰ্ভত মতবিনিময় কৰে। বান সাহাৰ্য প্ৰদানত জিলা প্ৰশাসনে গ্ৰহণ কৰা পদক্ষেপক প্ৰশংসা কৰা মন্ত্ৰী মহন্তক বন্যাতৰ সকলৰ মাজত দুটা শিশুৰে দীৰ্ঘদিন ধৰি ভুগি থকা ৰোগ আৰু দেৱজিৎ মেধী নামৰ এজন লোকে মুখ মণ্ডলত ভুগি থকা ৰোগৰ সন্দৰ্ভত দৃষ্টি গোচৰ কৰাত ততাতৈয়াকৈ মন্ত্ৰী গৰাকীয়ে গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয়ৰ লগত যোগাযোগ কৰি চিকিৎসা সেৱা ব্যৱস্থা কৰে।
মৰিগাঁও জিলা উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়া,অতিৰিক্ত উপায়ুক্ত গৰ্গ মোহন দাস,মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডা০ অৰুণ কুমাৰ নাথ,গড়কাপ্তানি বিভাগৰ কাৰ্যবাহী অভিযন্তা,অভিজিত চৌধুৰী,জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা লোচন চৌধুৰীৰ,সমাজ কল্যাণ বিষয়া সন্তোষ কুটুম,এন আৰ এইচ এমৰ ডিপিএম জুফিন চুলতানা,জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ মৰিগাঁও বিষয়া ৰঞ্জু শৰ্মাকে আদি কৰি জিলা প্ৰশাসনৰ মূৰব্বী বিষয়া সকলে সংগ দিয়া মন্ত্ৰী জনে পিছত মৰিগাঁও চহৰৰ সমীপৱতী খান্দাজান বিলমূৰ অঞ্চলৰ বান পৰিদৰ্শন কৰে।
ইফালে জিলাখনত ব্ৰহ্মপুত্ৰ নদীৰ পানী কিছুপৰিমানে কমিবলৈ ধৰাত ভূৰাগাঁও আৰু লাহৰীঘাট ৰাজহ চক্ৰত বান পৰিস্থিতি কিছু উন্নতি ঘটিছে যদিও কপিলী,কিলিং নদীৰ পানী এতিয়াও বিপৰীত সীমা ওপৰেদি বৈ থকাত মৰিগাঁও,মায়ং আৰু মিকিৰভেটা ৰাজহ চক্ৰত বন পৰিস্থিতি অপৰিৱৰ্তিত হৈয়েই আছে। জিলা প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি বৰ্তমানলৈকে জিলাখনৰ ভূৰাগাঁও,মায়ং,মৰিগাঁও আৰু মিকিৰভেটা ৰাজহ চক্ৰত ২৭০ খন ৰাজহ গাঁৱৰ ১,০৬,৪৮৩ জন লোক বানৰ কবলত থকাৰ লগতে ১৫০২০ হেক্টৰ কৃষি ভূমি বিস্তৰ ক্ষতি সাধন হৈছে।
ভূৰাগাঁও ৰাজহ চক্ৰত ২৯ খন ৰাজহ গাঁও বানমুক্ত হৈ বৰ্তমানে ২৭ খন ৰাজহ গাঁৱৰ ২৬৭৫১ লোক বানৰ কবলত আছে। মায়ং ৰাজহ চক্ৰত ১৩১ খন ৰাজহ গাঁৱৰ ৫৯৪১ জন লোক,মৰিগাঁও ৰাজহ চক্ৰত ১০৩ খন ৰাজহ গাঁৱৰ ৭০,০২৩ জন লোক আৰু মিকিৰভেটা ৰাজহ চক্ৰত ৯ খন ৰাজহ গাঁৱৰ ৩,৭৬৮ জন লোক বানৰ কবলত আছে।
Comments