লখিমপুৰ, ২৩ জুন; কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ নিযুক্তিকে ধৰি বিভিন্ন উন্নয়নমূলক নীতিৰ তীব্ৰ বিৰোধিতা কৰি এনে নীতি জনস্বাৰ্থ বিৰোধী বুলি অভিহিত কৰিছে লখিমপুৰ জিলা যুব কংগ্ৰেছে। আজি নৰ্থ লক্ষীমপুৰ প্ৰেছ ক্লাৱত জিলা যুব কংগ্রেছে আয়োজন কৰা এক সংবাদ মেলত যুব কংগ্ৰেছৰ কার্যকৰী সভাপতি মৌচুম লাহনকে ধৰি বিষয়ববীয়াসকলে কেন্দ্ৰীয় চৰকাৰৰ অগ্নিপথ আঁচনিৰ জৰিয়তে চাৰি বছৰৰ বাবে নিযুক্তি প্ৰদান কৰা কার্যক তীব্ৰ ভাষাৰে বিৰোধিতা কৰাৰ লগতে এনে আঁচনি দেশৰ নিবনুৱা আৰু নিবনুৱাক লৈ উদ্ভৱ হোৱা সমস্যাৰাজিক ভেঙুচালি কৰা কাৰ্যক কোনো প্ৰকাৰে গ্ৰহণ কৰিব পৰা নাযাব বুলিও স্পষ্ট কৰি দিয়ে।
সংবাদমেলত নিযুক্তি সন্দৰ্ভত জিলা যুব কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে চৰকাৰে দিয়া ৫ কোটি নিযুক্তিৰ প্ৰতিশ্ৰুতি কি হ'ল বুলিও প্রশ্ন তোলে। তাৰোপৰি ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে বান্ধ নিৰ্মাণ কৰি এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ কোনো লক্ষণেই নাই বুলি ক্ষোভ ব্যক্ত কৰাৰ লগতে পেট্রল, ডিজেল, ৰন্ধন গেছ আৰু অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ মুল্য বৃদ্ধিক লৈও তীব্র ক্ষোভ ব্যক্ত কৰে। সভাত কাৰ্যকৰী সভাপতিগৰাকীৰ উপৰি সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি ৰেগন, তপন চলিহা, প্ৰেমধৰ মিলিকে ধৰি বিষয়ববীয়াসকল উপস্থিত থাকে।
Comments