দুহেজাৰ বাইছ চনৰ জুন মাহৰ বিছ তাৰিখ৷ আহাৰ মাহৰ পঞ্চম দিন৷ বাৰিষাৰ বতৰ৷ ডিফু চহৰৰ আকাশ কিন্তু মুকলি৷ মৰম লগাকৈ ফৰকাল৷ বৰষাৰ মেঘবোৰে নীলা আকাশত কবি কালিদাসৰ ‘মেঘদূত’ কাব্যৰ মনোৰম পংক্তিবোৰ যেন লেখিব ধৰিছিল, কাকো খবৰ নিদিয়াকৈ৷
বিছ জুন৷ অতি তাৎপৰ্যপূৰ্ণ দিন৷ অসমৰ সংস্কৃতি জগতৰ পৰম শ্ৰদ্ধাৰ কলাকাৰ কলাগুৰু বিষ্ণু ৰাভাদেৱৰ স্মৃতি দিৱস৷ অসমৰ গাঁৱে-ভূঞে, নগৰে-চহৰে ‘বিশ্বৰ ছন্দে ছন্দে, মহানন্দ আনন্দে নাচা তামোহৰ দেউ নাচা’... গীতেৰে স্মৰণ কৰাৰ দিন৷
এনেহেন দিনতেই, কাৰবি সংস্কৃতিৰ মনোৰম চহৰ তাৰালাংছ’ত কাৰবি আংলঙৰ ৰাইজৰ হেঁপাহৰ ৰাজদৰবাৰ অনুষ্ঠিত হৈছিল৷ কাৰবি জাতিৰ পৰিচয় প্ৰদানৰ বেলিকা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱে ‘অসমৰ আৱিষ্কৰ্তা কলম্বাছ’ বুলি আখ্যা দি, কাৰবি জাতিৰ উত্তৰণৰ মহামন্ত্ৰ প্ৰদান কৰিছিল৷ সেই মহান বিপ্লৱী চিন্তানায়ক কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ স্মৃতি দিৱসৰ দিনাই, তাৰালাংছ’ৰ মুকলি সভাগৃহত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ নতুন সদস্য-সদস্যাসকলে শপত গ্ৰহণ কৰিবলৈ থিৰাং কৰিছিল৷ কাৰবি আংলঙৰ গণতন্ত্ৰৰ ইতিহাসত যিদৰে ‘ভাৰতীয় জনতা পাৰ্টি’য়ে ড॰ তুলিৰাম ৰংহাংদেৱৰ গতিশীল নেতৃত্বত চাব্বিশটা আসনতেই বিজয় সূচনা কৰি ৰাজনীতিৰ নতুন অধ্যায় ৰচনা কৰিলে, সেইদৰেই প্ৰথমবাৰৰ বাবে অসমৰ মহামান্য ৰাজ্যপাল অধ্যাপক জগদীশ মুখীদেৱ আৰু লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ উপস্থিতিত ৰাইজৰ পদূলি তাৰালাংছ’ত স্বায়ত্তশাসিত পৰিষদৰ সন্মানীয় সদস্য-সদস্যাসকলে নতুন কাৰ্যকালৰ বাবে শপত গ্ৰহণ কাৰ্যসূচী গ্ৰহণ কৰাটো মোৰ মতে, অতি তাৎপৰ্যপূৰ্ণ৷ শপতবাক্য পাঠ কৰোঁতে কাৰবি, বড়ো, ডিমাচা, তিৱা ভাষাৰে ভাৰতীয় সংবিধানক সন্মান জনোৱাটো, অসমৰ নৱজাগৰণৰ এক সমন্বয়-সম্প্ৰীতিৰ স্বাক্ষৰ বুলি ভাবিছোঁ৷ তাৰালাংছ’ত অনুষ্ঠিত ৰাইজৰ ৰাজদৰবাৰত উপস্থিত থাকি, কাৰবি আংলং ৰাইজৰ স্বতঃস্ফূৰ্ত আনন্দৰ জোৱাৰ উপলব্ধি কৰিবলৈ পাই, নীৰৱে মই তাৰালাংছ’ৰ বৰ্ষা ঋতুৰে উজলি থকা মনোৰম সাংস্কৃতিক চহৰখন আমাৰ মৰমৰ ভাগিন শ্ৰী টিংক্ৰেং ৰংপিৰে সৈতে এৰি আহিছিলোঁ,– ছেমছন-খৰছিং-ছাৰছিং হাবেৰ সপোনৰ কাৰবি আংলঙৰ উত্তৰণৰ আশাৰে৷
Comments