গুৱাহাটী ঃ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৩ জুন ঃ এল আই চি এজেণ্ট তথা অন্যান্য বৃত্তিত জড়িত শিক্ষকসকলৰ বিৰুদ্ধে সেৱা বিধি অনুসৰি ব্যৱস্থা গ্ৰহণ কৰিব শিক্ষা বিভাগে৷ এনে শিক্ষকৰ তালিকা প্ৰস্তুতৰ উপৰি শিক্ষা বিভাগে পৰ্যবেক্ষণ কৰি আছে৷
আজি খোদ শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে এই কথা ঘোষণা কৰিছে৷ ‘এজন শিক্ষকৰ বাবে শিক্ষকতা প্ৰধান নে অন্য কাম? শিক্ষকেও অন্য কাম কৰিব পাৰে, যেনে কাৰোবাৰ গেলামালৰ দোকান, কম্পিউটাৰৰ দোকান আদিও থাকিব পাৰে৷
কিন্তু বিদ্যালয় চলি থকা সময়ত অনুপস্থিত শিক্ষক অন্য কামত ব্যস্ত থাকিব নোৱাৰিব৷’ আজি এইদৰে কয় শিক্ষা মন্ত্ৰীয়ে৷ শিক্ষকক শ্ৰেণীকোঠাৰ বাহিৰত বিভিন্ন চৰকাৰী দায়িত্ব প্ৰদানক লৈ সঘনাই হোৱা বিতৰ্ক আৰু শিক্ষক সমাজৰ ওজৰ-আপত্তি সন্দৰ্ভত আজি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত শিক্ষা মন্ত্ৰীয়ে কয় যে চৰকাৰী কৰ্মচাৰীয়ে বিশেষ প্ৰয়োজনত চৰকাৰৰ আন বহু কাম কৰে৷
পাঁচ বছৰৰ মূৰত লোকপিয়ল, নিৰ্বাচন আদিৰ ক্ষেত্ৰত শিক্ষকসকলে যি দায়িত্ব পালন কৰে তাক লৈ বিতৰ্কৰ কোনো প্ৰয়োজন নাই বুলি আজি শিক্ষা মন্ত্ৰীয়ে মন্তব্য কৰে৷
‘শিক্ষকে নিৰ্বাচনৰ কৰ্তব্য পালন কৰিলে যদি শিক্ষা ব্যৱস্থা বেয়া হয় বুলি কোনোবাই ক’ব খোজে তেন্তে ইয়াক লৈ মুকলি বিতৰ্ক হওক৷’ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত আজি এইদৰে কয় শিক্ষা মন্ত্ৰীয়ে৷
Comments