গুৱাহাটী ঃ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৩ জুন ঃ অসমৰ বানক লৈ উদ্বিগ্ন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ কিছুদিনৰ পৰা হৈ থকা বৰষুণৰ বাবে ৰাজ্যখনৰ বহু অঞ্চল বানে বুৰাই পেলাইছে বুলি উল্লেখ কৰি
আজি প্ৰধানমন্ত্ৰীজনে টুইটাৰযোগে প্ৰকাশ কৰা মতে, কেন্দ্ৰীয় চৰকাৰে পৰিস্থিতি পৰ্যবেক্ষণ কৰি আছে আৰু ৰাজ্য চৰকাৰখনৰ সৈতে পৰিস্থিতি মোকাবিলা কৰাৰ ক্ষেত্ৰত কাম কৰি আছে৷
আনহাতে এই সংকটৰ সময়ত কেন্দ্ৰীয় চৰকাৰে সম্ভৱপৰ সকলো ধৰণৰ সহায়-সহযোগ আগবঢ়োৱাৰ কথা উল্লেখ কৰি মোদীয়ে লগতে কয় যে সেনা আৰু এন ডি আৰ এফৰ এটা দলে বানাক্ৰান্ত অঞ্চলত উদ্ধাৰ অভিযান চলাই আছে৷
প্ৰণিধানযোগ্য যে প্ৰধানমন্ত্ৰীজনে বানৰ সময়ত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যৰ মন্ত্ৰীসকল আৰু বিষয়াসকলে ২৪ ঘণ্টই বানাক্ৰান্ত ৰাইজক উদ্ধাৰ আৰু সাহায্য প্ৰদান কৰি থকাৰ কথা উল্লেখ কৰি তেওঁলোকক প্ৰশংসাও কৰে৷
আনহাতে এই সংকটৰ সময়ত কেন্দ্ৰই অসমবাসীক সকলো ধৰণৰ সহায় কৰিব বুলিও প্ৰধানমন্ত্ৰীজনে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে৷
উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও প্ৰধানমন্ত্ৰী মোদীয়ে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মালৈ ফ’ন কৰি ৰাজ্যৰ বান পৰিস্থিতিৰ সবিশেষ বুজ লৈছিল৷ কিন্তু ৰাজ্যখনৰ প্ৰায় ৫০ লাখ লোক বানৰ কবলত পৰাৰ পাছতো কেন্দ্ৰীয় চৰকাৰে এতিয়াও কোনো ধৰণৰ বান সাহায্য প্ৰদান কৰা নাই৷ আনকি প্ৰধানমন্ত্ৰী বা কোনো এজন কেন্দ্ৰীয় মন্ত্ৰী অসমলৈ অহাও নাই৷
Comments