গুৱাহাটী ঃ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৩ জুন ঃ অসমৰ ৰাইজ বানত কক্বকাই আছে৷ এই সময়ত ৰাজ্যখনত চলিছে বিধায়ক কিনা-বেচাৰ ৰাজনীতি৷
গণতন্ত্ৰক হত্যা কৰা এনে ধৰণৰ ৰাজনীতি অসমত কৰিবলৈ দিয়া নহ’ব বুলি দাবী উত্থাপন কৰি আজি মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কসকল বাহাৰ পাতি থকা হোটেল ৰেডিছন ব্লুৰ সন্মুখত তৃণমূল কংগ্ৰেছৰ লগতে এন এছ ইউ আয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷
তৃণমূল কংগ্ৰেছৰ অসমৰ সভাপতি ৰিপুন বৰাৰ নেতৃত্বত অহা প্ৰতিবাদকাৰীসকলে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনক তীব্ৰ ভাষাৰে সমালোচনা কৰে৷
হাতে হাতে বেনাৰ, ফেষ্টুন লৈ বিধায়কসকল থকা হোটেলখনৰ সন্মুখলৈ আগুৱাই অহা প্ৰতিবাদকাৰীসকলক আৰক্ষীয়ে আটক কৰি পাছত বাছেৰে সেই স্থানৰ পৰা লৈ যায়৷ আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক আটক কৰাৰ সময়ত এক উত্তপ্ত পৰিস্থিতিৰো সৃষ্টি হয়৷
ইফালে প্ৰতিবাদস্থলীত সাংবাদিকৰ আগত ৰিপুন বৰাই প্ৰকাশ কৰা মতে, বিজেপিয়ে দেশৰ গণতান্ত্ৰিক ব্যৱস্থা ধবংস কৰিছে৷ এইক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই সহযোগ কৰিছে৷
আনৰ চৰকাৰ ভঙা-পতা কৰি থকাসকল এদিন নিজেই ৰণত পৰিব বুলি মত প্ৰকাশ কৰি বৰাই কয় যে হিমন্ত বিশ্ব শৰ্মাৰ বাবেই আজি সকলোৰে আগত লজ্জানত হ’ল অসম৷ তেওঁ অসমত বিধায়ক কিনা-বেচাৰ বজাৰ গঢ়ি তুলিছে৷
ইফালে তৃণমূল কংগ্ৰেছৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ কিছু সময়ৰ পাছতেই এন এছ ইউ আইৰ কিছুসংখ্যক সদস্যয়ো এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷ চৰকাৰ-বিৰোধী বিভিন্ন শ্ন’গানেৰে চৌদিশ উত্তাল কৰি তোলা এন এছ ইউ আইৰ প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ-ফেষ্টুন লৈ ৰেডিছন ব্লু¸ৰ সন্মুুখলৈ আগুৱাই আহে যদিও আৰক্ষীয়ে তেওঁলোকক বাধা দিয়ে৷
পাছত আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক আটক কৰি বাছেৰে সেই স্থানৰ পৰা আঁতৰাই নিয়ে৷ ইফালে তৃণমূল কংগ্ৰেছ আৰু এন এছ ইউ আইৰ প্ৰতিবাদী কাৰ্যসূচীৰ পাছতে ৰেডিছন ব্লুৰ চৌপাশে আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে৷
Comments