শিলচৰ ঃ নিজা বাতৰি দিওঁতা, ২৩ জুন ঃ কাছাৰ জিলাৰ বানপানী আজি আকাশমাৰ্গৰ পৰা পৰ্যবেক্ষণ কৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ পুৱা বায়ু সেনাৰ হেলিকপ্টাৰেৰে তেওঁ বানপানী হোৱা অঞ্চলসমূহ পৰিদৰ্শন কৰে৷
তাৰ পাছত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কাছাৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বিভাগীয় বিষয়া আৰু বিধায়ক-সাংসদৰ সৈতে এখন বৈঠকত বান পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা কৰে৷ বৰ্তমান পৰিস্থিতিৰ সৈতে কেনেদৰে মোকাবিলা কৰিব লাগে, সেই বিষয়ে তেওঁ বিতংভাৱে আলোচনা কৰে৷
সভাৰ শেষত সাংবাদিকক সম্বোধন কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে খোৱাপানীৰ সমস্যা সমাধানৰ বাবে গুৱাহাটীৰ পৰা প্ৰতিদিনে এক লাখ পানীৰ বটল যোগান ধৰা হ’ব৷ তদুপৰি চাৰিটা মেচিন সাময়িকভাৱে স্থাপন কৰি বিশুদ্ধ পানী যোগান ধৰা হ’ব৷
তেওঁ লগতে কয় যে কাইলৈ বানপীড়িতক উদ্ধাৰ বা সহায় কৰিবলৈ সেনাৰ অধিক জোৱান মোতায়েন কৰা হ’ব৷ বিদ্যুতৰ ক্ষেত্ৰত এ পি ডি চি এলৰ ট্ৰেন্সফৰ্মাৰসমূহ নিৰীক্ষণৰ বাবে গুৱাহাটীৰ পৰা অভিযন্তা অহাৰ ব্যৱস্থা কৰিব৷
তদুপৰি সাহায্য সামগ্ৰী বিতৰণ অব্যাহত ৰখা হ’ব বুলি তেওঁ কয়৷ সাহায্য সামগ্ৰী বিতৰণত উপায়ুক্তক সহায় কৰিবলৈ গুৱাহাটীৰ পৰা দহজন বিষয়াক শিলচৰলৈ পঠোৱা হ’ব৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই পুনৰ কয় যে শিলচৰ চহৰত বানপানীৰ সৃষ্টি কৰা হৈছে৷
বেটুকান্দিৰ ৰাইজে বৰাক নৈৰ মথাউৰি ভাঙি দিয়াৰ বাবে চহৰখন বানৰ কবলত পৰিছে৷ যিসকলে মথাউৰি ভাঙি দিছিল তেওঁলোকৰ তেনে কাৰ্যৰ তথ্যসমৃদ্ধ এটা ভিডিঅ’ তেওঁৰ ওচৰত আছে৷
তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷ তদুপৰি বানপানীৰ স্থায়ী সমাধান কেনেকৈ সম্ভৱ হ’ব পাৰে, তাৰ বাবে শীঘ্ৰে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷ মুখ্যমন্ত্ৰীজনে লগতে কয় যে মানুহে বানপানী সৃষ্টি কৰিলে কি কৰিব পাৰি৷
তাত কোনো প্ৰযুক্তিৰে কাম কৰিব নোৱাৰি৷ আগন্তুক ৪৮ ঘণ্টাত যদি বৰষুণ নহয়, তেন্তে পানী কমি যাব বুলি আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে৷
তেওঁ কয় যে অক্টোবৰৰ পৰা বান্ধ নিৰ্মাণৰ বাবে কাম কৰা হ’ব৷ শিলচৰ-গুৱাহাটী ৰাষ্ট্ৰীয় ঘাইপথৰ বাবে মেঘালয় চৰকাৰে জৰুৰী পদক্ষেপ গ্ৰহণ কৰা বুলিও তেওঁ জানিবলৈ দিয়ে৷
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে শিলচৰৰ সাংসদ ডাঃ ৰাজদীপ ৰয়, বিধায়ক দীপায়ন চক্ৰৱত¹, বিধায়ক কৌশিক ৰায় আদি উপস্থিত আছিল৷ উল্লেখযোগ্য যে বৰ্তমান শিলচৰ চহৰত খোৱাপানী, বিদ্যুত আৰু খাদ্যৰ চৰম অভাৱ হৈছে৷
Comments