গুৱাহাটী, ২৪ জুনঃ কপিল শৰ্মা আৰু তেওঁৰ দলটোৱে কমেডি শ্ব' 'দ্য কপিল শৰ্মা শ্ব'ক বৰ্তমান বিদায় জনাইছে। অনুৰাগীসকলৰ আশীর্বাদ লৈ এতিয়া কপিলে বন্ধু চন্দন প্ৰভাকৰ, সুমনা চক্ৰৱৰ্তী, কিকু শাৰদা, কৃষ্ণ অভিষেকৰ সৈতে বিদেশ ভ্ৰমণলৈ ৰাওনা হৈছে। শেহতীয়াকৈ, বিমানবন্দৰত পোজ দিয়া দলটোৰ ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল যিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।
কপিল শৰ্মাই তেওঁৰ জীৱনত বহুতো উত্থান-পতন দেখিছে আৰু বৰ্তমান সময়ত তেওঁ সকলোৰে প্ৰিয় কৌতুক অভিনেতা হৈ পৰিছে। অৱশ্যে, খুব কমসংখ্যক মানুহে জানে যে 'দ্য কপিল শৰ্মা শ্ব'ৰ তৃতীয় চিজনত কপিলে কিমান উপাৰ্জন কৰিছিল। বিশেষ সূত্ৰযোগে জানিব পৰা অনুসৰি, কপিল শৰ্মাই তৃতীয় চিজনৰ বাবে প্ৰতিটো খণ্ডৰ বাবদ ২০ লাখ টকালৈ মাচুল বৃদ্ধি কৰিছিল, যি পূৰ্বে ৩০ লাখ টকা মাচুল লৈছিল।
কপিল শৰ্মাই তৃতীয় চিজনত প্ৰতিটো খণ্ডৰ বাবে পূৰ্বৰ ৩০ লাখ টকা আৰু নতুনকৈ ২০ লাখ যোগ কৰি মুঠ ৫০ লাখ টকা লৈছিল। অৰ্থাৎ প্ৰত্যেক সপ্তাহত শৰ্মাই মুঠ ১ কোটি টকা উপাৰ্জন কৰিছিল।
'দ্য কপিল শৰ্মা শ্ব'ৰ তৃতীয় চিজনত ৮০ টা খণ্ড আছিল, সেয়েহে কপিল শৰ্মাই ৪০ কোটি টকাৰ বৃহৎ পৰিমাণ উপাৰ্জন কৰিছিল। দৰ্শকসকলে এতিয়া কপিলৰ অনুষ্ঠানৰ নতুন চিজনৰ বাবে অপেক্ষা কৰি আছে। এইটো আশা কৰা হৈছে যে কপিলে আকৌ এবাৰ তেওঁৰ দলৰ সৈতে টিভিৰ পৃথিৱীত এক ডাঙৰ প্ৰত্যাৱৰ্তন আনিব।
Comments