গুৱাহাটী, ২৪ জুনঃ ক'ৰনা ভাইৰাছ আৰু মাঙ্কি পক্সৰ আশংকাৰ মাজত, ব্ৰিটেইনৰ পৰা পোৱা এটা খবৰে সমগ্ৰ বিশ্বতে আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে। দৰাচলতে, স্বাস্থ্য বিষয়াসকলে লণ্ডনত নৰ্দমা পৰিদৰ্শনৰ সময়ত পলিঅ' ভাইৰাছৰ চিহ্ন বিচাৰি পাইছে। ভাইৰাছটো পোৱাৰ পিছত, ব্ৰিটেইনৰ স্বাস্থ্য সুৰক্ষা সংস্থাই (ইউকেএইচএছএ) ইয়াক এক ৰাষ্ট্ৰীয় বিপদ হিচাপে ঘোষণা কৰে। আনহাতে, বিশ্ব স্বাস্থ্য সংস্থাইও এই সন্দৰ্ভত সতৰ্কবাণী জাৰি কৰিছে।
বাতৰি অনুসৰি, ফেব্ৰুৱাৰী পৰা জুন মাহৰ ভিতৰত লোৱা নৰ্দমাৰ নমুনাত পলিঅ' ভাইৰাছ পোৱা গৈছে বুলি জানিব পৰা গৈছে। ইয়াক 'ভেকছিন-প্ৰাপ্ত' পলিঅ ভাইৰাছ প্ৰকাৰ ২ (ভিডিপিভি-২) হিচাপে শ্ৰেণীবদ্ধ কৰা হৈছে। অৱশ্যে, দলটোৱে এতিয়ালৈকে মানৱ পলিঅ'ৰ কোনো ঘটনা চিনাক্ত কৰা নাই।
তথাপিও, বিশ্ব স্বাস্থ্য সংস্থাই এই সন্দৰ্ভত এক সতৰ্কবাণী জাৰি কৰি কৈছে যে, "ভাইৰাছটো কেৱল পৰিৱেশৰ নমুনাৰ পৰা পৃথক কৰা হৈছে। এই মুহূৰ্তত ই শিশুসকলৰ বাবে ভাবুকি হ'ব পাৰে।" লগতে ব্ৰিটেইনৰ স্বাস্থ্য বিষয়াসকলে কয় যে, "এই ভাইৰাছৰ পৰা সাধাৰণ ৰাইজৰ বাবে বিপদাশংকা কম, কিন্তু অসাৱধানতাৰ বাবে এই পলিঅ' ভাইৰাছ বিয়পিব পাৰে।"
ইপিনে ব্ৰিটেইনৰ স্বাস্থ্য বিষয়াসকলে অভিভাৱকসকলক তেওঁলোকৰ সন্তানক টিকাকৰণ কৰিবলৈ সতৰ্ক কৰি দিছে। স্বাস্থ্য বিভাগৰ তৰফৰ পৰা অভিভাৱকসকলক পালচ পলিঅ' প্ৰতিষেধক দিয়াবলৈ পৰামৰ্শ দিয়া হৈছে। লগতে যিকোনো সন্দেহজনক ঘটনা দেখিলে তৎক্ষণাৎ ব্ৰিটেইনৰ স্বাস্থ্য বিভাগক অৱগত কৰিব কোৱা হৈছে।
Comments