গুৱাহাটী, ২৭ জুন:বছৰৰ তৃতীয়খন গ্ৰেণ্ডশ্লাম টুর্নামেন্ট উইম্বলডন চেম্পিয়নশ্বিপ আজিৰ পৰা আৰম্ভ হ'ব।পুৰুষৰ বাছনি তালিকাৰ শীৰ্ষস্থানৰ খেলুৱৈ ন’ভাক জ’কভিচ পহিলা দিনটোতে ক'ৰ্টত নামিব।উইম্বলডনত সপ্তমবাৰলৈ চেম্পিয়ন হোৱাৰ লক্ষ্যৰে প্রতিদ্বন্দ্বিতা কৰিব ছাৰ্বিয়ান খেলুৱৈজনে। ফ্রেন্স অ'পেনৰ কোৱাৰ্টাৰ ফাইনেলত ৰাফেল নাডালৰ হাতত পৰাস্ত হোৱাৰ পাছত খেলা নাই জ’কভিচে।অল ইংলেণ্ড ক্লাবত জ’কভিচ আৰু নাডালৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ থাকিব। জ’ক'ভিচৰ লগতে আগশাৰীৰ খেলুৱৈ এণ্ডি মাৰে, কাৰ্লোছ আলকাৰাজ, কেছপাৰ ৰুড, হিউবার্ট হার্কাজ আৰু পাবলো কাৰেনো বুষ্টাই প্রথম দিনটোতে অভিযান আৰম্ভ কৰিব।
নাডাল কৰ্টত নামিব দ্বিতীয় দিনটোত। মহিলাৰ ছিংগল্ছত খিতাপৰ আটাইতকৈ শক্তিশালী দাবীদাৰ হ'ল ইগা স্বিয়াটেক। একেৰাহে ৩৫খন মেচত জয়লাভ কৰাৰ পাছত অল ইংলেণ্ড ক্লাবত ক'ৰ্টত নামিব ফ্রেন্স অ'পেন চেম্পিয়ন স্বিয়াটেকে। জেছিকা পেগুলা, বিয়ানকা আন্ড্রিস্কু, শ্ল'ৱেন ষ্টিফেন্স, গার্বাইন মুগুৰুজা আৰু বাৰবোৰা ক্রেজিক'ভা ড্ৰৰ একেটা কোৱাৰ্টাৰত স্বিয়াটেকৰ সৈতে আছে। এম্মা ৰাডুকানু, অন্ছ জেবিউৰ আৰু ছেৰেনা উইলিয়ামছৰ প্ৰদৰ্শনো লক্ষণীয় হ'ব।
Comments