Classifieds
View All
গুৱাহাটী,২৭ জুন: ঘোষণা কৰা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল । এই বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল বিগত দহ বছৰৰ ভিতৰত উন্নত বুলি মন্তব্য কৰিলে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল ঘোষণা কৰাৰ পাছতে সংবাদ মাধ্যমক সম্বোধন কৰি তেওঁ কয় যে, মই আজিৰ ফলাফলক লৈ সুখী।
এই ভাল ফলাফলৰ ধাৰা অব্যাহত থাকিব বুলি আশা প্ৰকাশ কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে, এইবাৰ বিজ্ঞান আৰু বাণিজ্য শাখাত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কম ৷ গৰিষ্ঠ সংখ্যক ছাত্ৰ-ছাত্ৰী কলা শাখাতে থাকে । আনহাতে তেওঁ কয় যে শিক্ষক-শিক্ষয়িত্ৰীসকলৰ নিৰ্দিষ্ট কিছুমান দায়িত্ব আছে সেইখিনি পালন কৰিব লাগে । নিৰ্দিষ্ট পাঠ্যক্ৰমৰ পাঠদান সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰাৰ বাবে শিক্ষক-শিক্ষয়িত্ৰীসকলক আহ্বান জনায় শিক্ষামন্ত্ৰীগৰাকীয়ে৷
Comments