গুৱাহাটী,২৭ জুন:সময়ৰ লগে লগে মহাৰাষ্ট্ৰৰ ৰাজনীতিয়ে এক নাটকীয় ৰূপ ধাৰণ কৰিছে। উদ্ধৱ চৰকাৰৰ সংকটৰ মাজতে ইডিয়ে শিৱসেনাৰ নেতা সঞ্জয় ৰাউটক চমন জাৰি কৰে।জানিব পৰা মতে, মঙলবাৰে সঞ্জয় ৰাউটক মুম্বাইস্থিত ইডিৰ কাৰ্যালয়লৈ মতা হৈছে। ধন আত্মসাতৰ গোচৰত তলব কৰা হৈছে শিৱসেনা নেতাগৰাকীক। উল্লেখ্য যে, ইডি আৰু চিবিআইৰ হেঁচাত শিৱসেনাৰ ঘৰত বিদ্ৰোহ হোৱা বুলি দাবী কৰিছে উদ্ধৱ-বাহিনীয়ে।
কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ হেঁচাত একনাথ শিণ্ডেকে ধৰি প্ৰতিবাদকাৰীয়ে বিদ্ৰোহ ঘোষণা কৰা বুলি দাবী কৰা হৈছে।এই পৰিস্থিতিত ৰাউতক চমন জাৰিৰ ফলত এক নতুন মাত্ৰা যোগ হ’ল বুলি ধাৰণা কৰা হৈছে।আনহাতে, উদ্ধৱ বাহিনীয়ে সংখ্যাগৰিষ্ঠতা হেৰুৱাইছে বুলি উচ্চতম ন্যায়ালয়লৈ দাখিল কৰা আবেদনত শিন্দে দাবী কৰে। আনহাতে, বিধায়ক পদ খাৰিজ কৰিবলৈ বিদ্ৰোহীলৈ জাননী প্ৰেৰণ কৰা হৈছে। সেই সিদ্ধান্তৰ বিৰুদ্ধে শিণ্ডে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে।
Comments