গুৱাহাটী, ২৮ জুনঃ ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছন আৰু কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে জাৰ্মানীৰ ক্ৰুনেত অনুষ্ঠিত জি-৭ বৈঠকত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ উলংগ দেহৰ এখন ফটোক লৈ উপহাস কৰিছে। এই উপহাস কৰাৰ সময়ত ৰেকৰ্ড কৰা ভিডিঅ'টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।
২০২২ চনৰ ২৬ জুনত জি-৭ মধ্যাহ্ন ভোজনৰ সময়ত, বিশ্বৰ নেতাসকলে বেভেৰিয়াৰ মনোৰম এলমাউ কেচেলত পুটিনৰ সেই ছবিখনক লৈ উপহাস কৰিছিল। তেওঁলোকে ধেমালি কৰি কৈছিল যে, তেওঁ চাৰ্টটো খুলি ৰাখিছে নে বিবস্ত্র হৈ আছে! তেতিয়া ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে চকীত বহি থকা অৱস্থাতে সুধিলে, "জেকেট খুলি ৰাখিছে নে বিবস্ত্র হৈ আছে? আমিও আমাৰ কোট খুলিব লাগিব নেকি?"
জনছনৰ প্ৰশ্নত, কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে পৰামৰ্শ আগবঢ়াই কৈছিল, "তেওঁ কাপোৰ খোলাৰ আগতে এই অনুষ্ঠানটোৰ এখন আনুষ্ঠানিক ছবিৰ বাবে অপেক্ষা কৰিব লাগিব।"
এই সন্দৰ্ভত জনছনে কয়, "আমি দেখুৱাব লাগিব যে আমি পুটিনতকৈ অধিক কঠিন আৰু শক্তিশালী।" ইয়াৰ পিছতে কানাডাৰ প্ৰধানমন্ত্ৰী ট্ৰুডোৱে কয়, "আমি খালী বুকুৰে থকা পুটিনৰ ঘোঁৰাৰ প্ৰদৰ্শন চাবলৈ গৈ আছোঁ।" পিছত, আয়োগৰ অধ্যক্ষ উৰসুলা ভন ডেৰ লেয়েনে কৈছিল, "কাপোৰৰ সমস্যাটো স্পষ্টভাৱে সমাধান নকৰাকৈ যোৱাই ভাল।" বৰিছ জনছনে তেতিয়া কৈছিল, "আমি পুটিনক আমাৰ পেটৰ পেক্স দেখুৱাব লাগিব।"
Comments