গুৱাহাটী,২৮ জুন : ইংলণ্ডৰ বিৰুদ্ধে খেলিব লগা একমাত্র টেষ্টখনৰ বাবে ভাৰতীয় দলত নতুনকৈ স্থান দিয়া হৈছে মায়ংক আগৰৱালক। উল্লেখ্য যে ইংলণ্ডত কৰ’নাত আক্ৰান্ত হৈছে ভাৰতীয় ক্রিকেট দলৰ অধিনায়ক ৰোহিত শর্মা। সেয়ে দলত তেওঁৰ স্থানত নতুনকৈ স্থান দিয়া হৈছে মায়ংক আগৰৱালক। আজি বি চি চি আইৰ তৰফৰ পৰা এই বিষয়ে সদৰী কৰা হৈছে।
উল্লেখ্য যে লিইছেষ্টাৰৰ বিৰুদ্ধে খেলা প্ৰস্তুতি মেচখনৰ তৃতীয় দিনাৰ খেলৰ অন্তত ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মা কৰ’নাত আক্ৰান্ত হোৱাৰ কথা ব’ৰ্ডে আনুষ্ঠানিকভাবে জনাইছে। উল্লেখ্য যে ভাৰত আৰু ইংলণ্ডৰ মাজৰ যোৱা বৰ্ষৰ পাঁচখনীয়া টেষ্ট শৃংখলাৰ অন্তিম তথা পঞ্চমখন টেষ্ট বাতিল হৈছিল কৰ'নাৰ বাবে ৷ এতিয়া এই টেষ্টখন অহা একৰ পৰা পাঁচ জুলাইলৈ বার্মিংহামত অনুষ্ঠিত হ'ব। উল্লেখ্য যে পাঁচখনীয়া টেষ্ট শৃংখলাটোত ভাৰতীয় দলে ২-১ ত আগবাঢ়ি আছে।
এতিয়া অন্তিম টেষ্ট ড্র হ’লেও ভাৰতে লাভ কৰিব শৃংখলা। বি চি চি আয়ে এই টেষ্টখনৰ বাবে ভাৰতীয় দলটো পূৰ্বেই ঘোষণা কৰিছিল। এতিয়া দলত নতুনকৈ স্থান দিয়া হৈছে মায়ংক আগৰৱালক। ৰোহিত শৰ্মাৰ নেতৃত্বত ঘোষিত ভাৰতীয় দলটো হ'ল: লোকেছ ৰাহুল, শুভমন গিল, মায়ংক আগৰৱাল, বিৰাট কোহলি, শ্রেয়াছ আয়াৰ, হনুমা বিহাৰী, চেতেশ্বৰ পূজাৰা, ঋষভ পণ্ট, কে এছ ভৰত, ৰবীন্দ্ৰ জাডেজা, ৰবীচন্দ্রন অশ্বিন, শ্বাৰ্ডুল ঠাকুৰ, মহম্মদ ছামি, যশপ্রীত বুমৰাহ, মহম্মদ চিৰাজ, উমেশ যাদব আৰু প্ৰষিদ্ধ কৃষ্ণা।
Comments