গুৱাহাটী,২৮ জুন:ইয়াৰ আগতে তেওঁ বিধানসভা বা লোকসভাৰ কোনো নির্বাচনতে প্ৰত্যক্ষভাবে অৱতীৰ্ণ হোৱা নাছিল।ত্ৰিপুৰাত উপ-নির্বাচনত মানিক সাহা জয়ী হৈছে। মুখ্যমন্ত্রী মানিক সাহাই ১৮,৮৭০ টা ভোট লাভ কৰিছে। ত্ৰিপুৰাৰ চাৰিটা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ফলাফল দেওবাৰে ঘোষণা কৰা হয়। ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহাই প্ৰথমবাৰৰ বাবে নিৰ্বাচনত জয়ী হৈছে। বৰদোৱালী সমষ্টিৰ পৰা জয়লাভ কৰি মানিক সাহা এতিয়া মুখ্যমন্ত্ৰীৰ আসনত বাহাল থকাটো নিশ্চিত হ'ল।তেওঁৰ নিকটতম প্রতিদ্বন্দ্বী, দুবাৰৰ কংগ্ৰেছ বিধায়ক আশীষ সাহাই ১০,৯৩০ টা ভোট লাভ কৰিছে। ৰাজ্যসভাৰ সাংসদ মানিক সাহাক যোৱা মে' মাহত তদানীন্তন মুখ্যমন্ত্রী বিশ্ব দেৱৰ আকস্মিক পদত্যাগৰ পিছত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে নিযুক্ত কৰা হৈছিল ৷ মুখ্যমন্ত্ৰী হিচাপে বাহাল থাকিবলৈ তেওঁ এই উপ নিৰ্বাচনত জয়ী হোৱাটো প্ৰয়োজনীয় আছিল।বিধানসভালৈ নিৰ্বাচিত হোৱাৰ পিছত, তেওঁ এতিয়া নিয়ম অনুসৰি সাংসদ পদৰ পৰা পদত্যাগ কৰিব।
সাহাই ২০১৬ চনত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰাৰ আগতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য আছিল। তেওঁ ২০২০ চনত ভাৰতীয় জনতা পাৰ্টিৰ ত্ৰিপুৰা গোটৰ সভাপতি হৈছিল। ২০২২ চনৰ এপ্ৰিল মাহত সাহা ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হয়।ৰাজ্য খনৰ মুখ্যমন্ত্ৰী বিপ্ৰ কুমাৰ দেৱে ১৪ মে'ৰ বিয়লি পদত্যাগ কৰাৰ পিছতে উক্ত দত্ত চিকিৎসকগৰাকীক ৰাজ্য খনৰ নতুন মুখ্যমন্ত্ৰী হিচাবে বাচনি কৰা হৈছিল।তেওঁ হৈছে দন্ত চিকিৎসক তথাৰাজনীতিক ডাঃ মানিক সাহা।
১৯৫৩ চনৰ ৮ জানুৱাৰীত আগৰতলাত জন্ম গ্ৰহণ কৰা সাহাক আজি সর্বসম্মতিক্রমে ত্ৰিপুৰাৰ নতুন মুখ্যমন্ত্ৰী হিচাবে নিৰ্বাচন কৰা হয়। ৬৯ বছৰীয়া ডাঃ মানিক সাহাই ২০১৬ চনত বিজেপিত যোগদান কৰিছিল।ইয়াৰ পূৰ্বে তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সৈতে জৰিত আছিল।পত্নী স্বপ্না সাহাৰ সৈতে ডাঃ মানিক সাহাৰ আছে দুগৰাকী কন্যা সন্তান।উল্লেখ্য মুখ্যমন্ত্ৰী বিপ্ৰ কুমাৰ দেৱে পদত্যাগ কৰাৰ পিছতে ৰাজ্যসভাৰ সাংসদ ডাঃ মানিক সাহাক বিজেপি বিধায়িনী দলৰ নতুন নেতা হিচাপে নিৰ্বাচিত কৰা হৈছিল । বিধায়িনী দলে তেওঁক নতুন নেতা হিচাবে নিৰ্বাচিত কৰাৰ লগতে নতুন মুখ্যমন্ত্রী হিচাবেও নির্বাচিত কৰিছিল।এনে সিদ্ধান্ত সন্দৰ্ভত সাহাই কৈছিল যে তেওঁ মুখ্যমন্ত্ৰীৰ পদত থাকিও দলৰ কৰ্মকৰ্তা হৈয়েই থাকিব।চাৰিজন নৱনিৰ্বাচিত বিধায়কৰ ভিতৰত তিনিজনে মঙলবাৰে বিধানসভাত শপত গ্ৰহণ কৰে কিন্তু মুখ্যমন্ত্ৰী ড০ মানিক সাহা, যি ৰাজ্যসভাৰ সদস্য আজি শপত গ্ৰহণ কৰাৰ পৰা বিৰত থাকে ।
Comments