Classifieds
View All
গুৱাহাটী,২৮ জুন:তুংগত উঠিছে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সমীকৰণ। গুৱাহাটীৰ ৰেডিশ্বন ব্লু’ত বাহৰ পাতি থকা মহাৰাষ্ট্ৰৰ শিৱসেনাৰ বিসম্বাদী বিধায়ক একনাথ সিন্দে মঙলবাৰে প্ৰথমবাৰৰ বাবে হোটেলৰ বাহিৰলৈ আহি সাংবাদিকক সম্বোধন কৰে । তেওঁ কয়, মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কসকল গুৱাহাটীলৈ নিজৰ ইচ্ছা মতে আহিছে । "আমি সোনকালে মহাৰাষ্ট্ৰলৈ উভতি যাম । আমি বাল থাকৰেৰ হিন্দুত্বৰ লগত আছো । এতিয়াও আমি শিৱসেনাত আছো । আমি বাল থাকৰেৰ হিন্দুত্বৰ আদশক আগুৱাযই লৈ যাবলৈ বদ্ধপৰিকৰ।"
উল্লেখ্য যে, একনাথ সিন্দে আজি যিকোনো মূহূৰ্তত মহাৰাষ্ট্ৰ অথবা দিল্লীলৈ যোৱাৰ সম্ভাৱনা আছে । বৰ্তমান ৰেডিশ্বন ব্লু হোটেলতে শিৱসেনাৰ ৩৯ জন আৰু নিৰ্দলীয় ৯ জন বিসম্বাদী বিধায়কে বাহৰ পাতি আছে ।
Comments