গুৱাহাটী,২৮ জুন:চলিত বাৰিষাত দুবাৰকৈ হোৱা ভয়াৱহ বানে যেন বহু কথাই ভাবিবলৈ বাধ্য কৰাইছে ৰাজ্য চৰকাৰক । এতিয়াও ৰাজ্যৰ ২২ খন জিলাৰ ২১.৫৩ লাখ লোক বানৰ কবলত আছে । লক্ষণীয় বিষয় যে প্রবল বৃষ্টিপাতৰ ফলত ৰাজ্যৰ প্ৰায়কেইখন জিলা দুটাকৈ প্ৰলয়ংকৰী বানপানীৰ কবলত পৰি বিধ্বস্ত হৈ পৰা পৰিস্থিতিয়ে ৰাজ্য চৰকাৰক শিক্ষা দিছে ।
যাৰ বাবে ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা কর্তৃপক্ষই বানাক্ৰান্তক উদ্ধাৰৰ বাবে নিজাববীয়াকৈ অত্যাধুনিক নাও ক্ৰয় কৰাৰ সিদ্ধান্ত ল'বলগীয়া হৈছে । বানাক্ৰান্তক সাহাৰ্য প্ৰদানৰ লগতে উদ্ধাৰ অভিযানত ৰাজ্যৰ মন্ত্রী, বিধায়ক তথা বিষয়াসকল জড়িত হৈ পৰিছে যদিও কেতবোৰ স্থানত প্রশাসন তীব্র প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছে । বানাক্ৰান্তৰ উদ্ধাৰ অভিযানৰ বাবে এছ ডি আৰ এফ এন ডি আৰ এফৰ নাও ব্যৱহাৰ কৰাৰ লগতে সেনা জোৱানক নিয়োগ কৰাৰ সমানে বায়ু সেনা বাহিনীৰো সহায় ৰাজ্য চৰকাৰে ল'বলগীয়া হৈছে ।
বৰাক উপত্যকাৰ শিলচৰকে ধৰি ৰাজ্যৰ কেতবোৰ অঞ্চল এতিয়াও দ্বিতীয়টো বানৰ কবলত আছে । আনহাতে, ছেপ্টেম্বৰ মাহলৈ পুনৰ বান অহাৰ সম্ভাবনা আছে । সম্ভাব্য বান পৰিস্থিতিৰ লগত ৰাজ্যৰ দুর্যোগ ব্যবস্থাপনা কর্তৃপক্ষই মোকাবিলা কৰিবলৈ অতিৰিক্তকৈ আৰু ৫০খন অত্যাধুনিক নাও ক্ৰয় কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰি মুম্বাইৰ এটা প্রতিষ্ঠানক যোগানৰ দায়িত্ব দিয়া হৈছে ।
Comments