Classifieds
View All
গুৱাহাটী, ২৯ জুনঃ আগন্তুক জুলাই মাহৰ ১ তাৰিখে গুৱাহাটীক প্ৰথমবাৰৰ বাবে কিকফাইটিং প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ৱাৰিয়াৰ ফাইটিং চেম্পিয়নশ্বিপ (Warrior Fighting Championship) চমুকৈ ডব্লিউ এফ চিয়ে গুৱাহাটী লাচিত নগৰৰ বটানি, ৰুফটপ বাৰ এণ্ড কিচেনত 'প্ৰথম ফাইট নাইট' (1st Fight Night) নামেৰে সন্ধিয়া ৫ বজাৰ পৰা প্ৰফেচনেল কিকবক্সিং প্ৰতিযোগিতা অনুষ্ঠিত কৰিব।
এই প্ৰতিযোগিতাৰ বিষয়ে বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত ডব্লিউএফচিৰ দলৰ প্ৰতিষ্ঠাপক বিশাল তালুকদাৰে জানিবলৈ দিয়ে। লগতে, এই সংবাদমেলত উপস্থিত থাকে সহ-প্ৰতিষ্ঠাপক গোবিন্দ ৰাজবংশী, প্ৰযোজনা মুৰব্বী জয়ন্ত দাস, এইচ আৰ জিন্টু কলিতা, অনুষ্ঠানৰ সমন্বয়ক জিন হুছেইন।
Comments