গুৱাহাটী,২৯ জুন:বানত বিধ্বস্ত হৈছে ৰাজ্যৰ ভিন্ন প্ৰান্ত । খাদ্য-বস্ত্ৰ-বাসস্থানৰ অভাৱত ভুগিছে বন্যাৰ্তই । ইফালে বানত হাহাকাৰ কৰিব লগা হৈছে পশুধনেও ৷ কেৱল মানুহৰে নহয় পশুধনেও ভুগিছে চৰম খাদ্য সংকটত ৷ ৰাজ্য চৰকাৰে বানাক্ৰান্তৰ লগতে পশুধনৰ বাবেও পৰ্যাপ্ত পৰিমানে খাদ্য যোগান ধৰাৰ কথা ঘোষণা কৰি কোনো বিষয়ববীয়া তথা সাহায্য বিতৰণকাৰীক সাহায্যৰ নামত কেলেংকাৰী সংঘটিত নকৰিবলৈ বাৰে বাৰে সকিয়নী দি আহিছিল ৷
তাৰ পিছতো ৰাজ্যৰ বিভিন্ন বানাক্ৰান্তৰ শিবিৰত সাহায্য বিতৰণত কেলেংকাৰী সংঘটিত হোৱাৰ তথ্য প্ৰকাশ হৈ আহিছে ৷ এইবাৰ জনীয়াত পশুধনৰ খাদ্য হৰলুকিৰ ঘটনা পোহৰলৈ আহিছে ৷ সন্ধিয়া হোৱাৰ লগে লগেই ই-ৰিক্সাৰে জনচক্ষুৰ আঁৰ লৈ বিষয়ববীয়াই বস্তাই বস্তাই পশুখাদ্য লৈ যোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷বান সাহায্যৰ নামত কেলেংকাৰী জনীয়াতকলগাছিয়াৰ লাচাংগাত চৰকাৰী ৰিলীফৰ পশুখাদ্য হৰলুকিৰ ঘটনাই বানাক্ৰান্ত ৰাইজৰ মাজত হুৱা-দুৱাৰ সৃষ্টি কৰিছে ৷ বিতৰণৰ বাবে অনা পশুখাদ্য চুৰি কৰি লৈ যোৱা অৱস্থাত হাতে লোটে ধৰা পেলাই ৰাইজে ।
ঘটনা অনুসৰি জনীয়াৰ বানাক্ৰান্ত অঞ্চলটোত পশুধনৰ নামত পশুখাদ্য আহিছিল ৷ ইয়াৰ পিছতে মঙলবাৰে সন্ধিয়া সেই পশুখাদ্যৰে ৩০ বস্তা পশুখাদ্য ৰাহি কৰি ২ বস্তাকৈ গাঁৱৰ বিষয়ববীয়াসকলৰ ঘৰলৈ পশুখাদ্য ভাগ ভাগ কৰি লৈ গৈ থকাৰ সময়তে স্থানীয় ৰাইজৰ চকুত ধৰা পৰে ৷ স্থানীয় ৰাইজে পশুখাদ্যসমূহ জব্দ কৰি গাঁও সমন্বয়ৰক্ষী বিষয়া আইনাল হকৰ ঘৰলৈ যায় যদিও ৰাইজ অহাৰ পূৰ্বেই ঘৰৰ পিছফালৰ পথাৰেৰে পলায়ন কৰে আইনালে ৷ ইয়াৰ সমান্তৰালকৈ ক্ষোভিত ৰাইজে সদস্য আনোৱাৰ হুছেইন আৰু গাঁওবুঢ়া ইউছুব আলীও এই পশুখাদ্য হৰলুকিত জড়িত আছে বুলি মন্তব্য প্ৰকাশ কৰে ৷উত্তাল ৰাইজে সংবাদমাধ্যমৰ আগত কয় যে, “এইবোৰ আমাৰ ৰাইজৰ বস্তু ৷ আমি থানাত গোচৰ দিম ৷ এই চুৰিৰ উচিত শাস্তি হ'ব লাগে ৷ আমি ৰাজ্য চৰকাৰক এই ঘটনাৰ বিহিত ব্যৱস্থা লবলৈ অনুৰোধ জনাইছো৷”
Comments