Classifieds
View All
গুৱাহাটী,২৯ জুন:উদয়পুৰৰ দৰ্জী কানহাইয়া লালৰ এজন হত্যাকাৰীৰ পাকিস্তানৰ সন্ত্ৰাসবাদী গোটৰ সৈতে সম্পৰ্ক থকা বুলি প্ৰকাশ পাইছে। তেওঁৰ ফোনত ১০ টা পাকিস্তানী নম্বৰ পোৱা গৈছে।ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ দ্বাৰা অনুসন্ধান কৰি থকা এই গোচৰটোত আৰু পাঁচজনক লোকক আটক কৰা হৈছে।
এজন অভিযুক্ত মহম্মদ ৰিয়াছ আনছাৰী পাকিস্তানভিত্তিক সন্ত্ৰাসবাদী গোটৰ সৈতে সম্পৰ্কত আছিল আৰু গুলাম গাউছে ২০১৪ চনত কৰাচী ভ্ৰমণ কৰিছিল। ৰাজস্থান আৰক্ষী আৰু অশোক গেহলট চৰকাৰৰ দ্বাৰা গঠন কৰা বিশেষ অনুসন্ধান দলৰ সূত্ৰই কয় যে কানহাইয়া লালক হত্যা কৰাৰ আগতে,তেওঁলোকে বহুতো আইএছআইএছ ভিডিঅ' চাইছিল আৰু পাকিস্তানলৈ একাধিক ফোন কৰিছিল।
Comments