মুম্বাই, ২৯ জুন ঃ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থেকাৰেই আজি নিশা পদত্যাগ কৰে৷ এটা ৱেবকাষ্টত তেওঁ কয় যে তেওঁ বিধান পৰিষদৰ সদস্য হিচাপেও পদত্যাগ কৰিছে৷
তেওঁ ৰাজ্যপাললৈ পদত্যাগ-পত্ৰ প্ৰেৰণ কৰে৷ কাইলৈ বিধানসভাত উদ্ধৱ থেকাৰেৰ নেতৃত্বৰ মহা বিকাশ আঘাড়ী [এম ভি এ] চৰকাৰক শক্তি পৰীক্ষাৰ সন্মুখীন হ’বলৈ ৰাজ্যপালে দিয়া নিৰ্দেশৰ বিৰুদ্ধে শিৱ সেনাই দাখিল কৰা আৱেদন উচ্ছতম ন্যায়ালয়ে নাকচ কৰাৰ ঠিক পাছতে থেকাৰেই পদত্যাগ কৰে৷ ৰাজ্যপালৰ নিৰ্দেশ স্থগিত ৰাখিবলৈ উচ্ছতম ন্যায়ালয়ে অস্বীকাৰ কৰে৷
উদ্ধৱ থেকাৰেৰ নেতৃত্বৰ মহাৰাষ্ট্ৰৰ মহা বিকাশ আঘাড়ী [এম ভি এ] চৰকাৰ কাইলৈ বিধানসভাত অনাস্থাৰ ভোটৰ সন্মুখীন হ’ব লাগিব৷
ৰাজ্যখনৰ ৰাজ্যপাল ভগত সিং কোশিয়াৰিয়ে অনাস্থাৰ ভোটৰ বাবে কাইলৈ বিধানসভাৰ এখন বিশেষ অধিৱেশন আহ্বান কৰি জাৰি কৰা নিৰ্দেশৰ বিৰুদ্ধে শিৱ সেনাই উচ্ছতম ন্যায়ালয়ত আৱেদন জনাইছিল৷
বিয়লি শুনানি আম্ভ হয় আৰু নিশা জ্ঝ বজাত ন্যায়ালয়ে অনাস্থাৰ ভোটৰ বাবে অনুমতি দিয়ে৷ কিন্তু ন্যায়ালয়ে কয় যে উভয় পক্ষই দুদিনৰ ভিতৰত এটা স্পষ্টীকৰণ দাখিল কৰিব লাগিব আৰু লেখ আৱেদনখনৰ নিষ্পত্তিৰ পাছত অনাস্থাৰ ভোটৰ চূড়ান্ত ফল নিৰ্ভৰ কৰিব৷
যদি কিবা আৱেদন দাখিল কৰা হয় তেন্তে শুনানি লোৱা হ’ব ১১ জুলাইত৷ বিদ্ৰোহী বিধায়ক একনাথ সিন্ধেই দাবী কৰিছিল যে শিৱ সেনাৰ ৫৫জন বিধায়কৰ ভিতৰত প্ৰায় ৪০জন বিধায়কৰ সমৰ্থন তেওঁৰ লগত আছে আৰু এম ভি এ চৰকাৰখন ভগাৰ উপক্ৰম হৈছে৷
উচ্ছতম ন্যায়ালয়ৰ সিদ্ধান্ত এম ভি এ চৰকাৰৰ বাবে এটা ডাঙৰ বিপৰ্যয়৷ উচ্ছতম ন্যায়ালয়ৰ ৰায়টো নেতিবাচক হ’লে উদ্ধৱ থেকাৰেই পদত্যাগ কৰিব পাৰে বুলি গুণাগঁথা চলিছিল৷
সূত্ৰসমূহৰ মতে বিদ্ৰোহৰ পাছত তেওঁ দুবাৰ পদত্যাগ কৰিবলৈ বিচাৰিছিল৷ ন্যায়াধীশ সূৰ্যকান্ত আৰু ন্যায়াধীশ জে বি পাৰ্দিবালাৰ এখন বন্ধকালীন পীঠে শিৱ সেনাৰ মুখ্য সচেতক সুনীল প্ৰভুক [আৱেদনকাৰী]
প্ৰশ্ন কৰে যে অনাস্থাৰ ভোটে কেনেকৈ যোগ্যতাহীন কৰাৰ প্ৰক্ৰিয়াত প্ৰভাৱ পেলাব বা যোগ্যতাহীন কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ অধ্যক্ষৰ ক্ষমতাত হস্তক্ষেপ কৰিব৷ পীঠখনে কয়, ‘আমি ভাবোঁ যে এই বিষয়বোৰ নিষ্পত্তি কৰাৰ একমাত্ৰ উপায় হ’ল সদনৰ মজিয়া৷’
উল্লেখযোগ্য যে শিৱ সেনাৰ বিধায়ক একনাথ সিন্ধেৰ নেতৃত্বত দলটোৰ গৰিষ্ঠসংখ্যক বিধায়কে বিদ্ৰোহ কৰাৰ এসপ্তাহৰ পাছত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগত সিং কোশিয়াৰিয়ে উদ্ধৱ থেকাৰেৰ নেতৃত্বৰ মহা বিকাশ আঘাড়ী [এম ভি এ] চৰকাৰক কাইলৈ বিধানসভাত শক্তি পৰীক্ষাৰ সন্মুখীন হ’বলৈ নিৰ্দেশ দিছে৷
ৰাজ্যপালৰ সিদ্ধান্তৰ প্ৰত্যাহ্বান জনাই শিৱ সেনাই উচ্ছতম ন্যায়ালয়ত আজি আৱেদন দাখিল কৰিছিল৷ প্ৰাক্তন মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফড়নবিছকে ধৰি বিজেপিৰ এদল নেতাই কালি ৰাজ্যপালক সাক্ষাৎ কৰি শিৱ সেনাৰ বিধায়কসকলৰ বিদ্ৰোহৰ কাৰণে সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ চৰকাৰক নিৰ্দেশ দিবলৈ আহ্বান জনোৱাৰ পাছত ৰাজ্যপাল কোশিয়াৰিয়ে কালি নিশাই মহাৰাষ্ট্ৰ বিধানসভাৰ প্ৰধান সচিব ৰাজেন্দ্ৰ ভগৱতলৈ চিঠি লিখে৷
চিঠিখনত কোশিয়াৰিয়ে কয়, ‘মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে একমাত্ৰ আস্থাৰ ভোটৰ কাৰ্যসূচীৰে মহাৰাষ্ট্ৰ বিধানসভাৰ এখন বিশেষ অধিৱেশন ৩০ জুনৰ দিনৰ ১১ বজাত আহ্বান কৰা হ’ব আৰু কাৰ্যক্ৰমণিকা বিয়লিৰ ভিতৰত শেষ হ’ব৷’
চিঠিখনত ৰাজ্যপালজনে আৰু লিখে, ‘এইটো স্পষ্ট যে শিৱ সেনাৰ গৰিষ্ঠসংখ্যক বিধায়কে স্পষ্ট ইংগিত দিছে যে তেওঁলোক এম ভি এ চৰকাৰৰ পৰা ওলাই যাবলৈ বিচাৰে...
আৰু আপুনি আপোনাৰ বিধায়কসকলক আৰু সদস্যসকলক এনেকুৱা উপায়েৰে ঘূৰাই আনিবলৈ বিচাৰিছে যিবোৰ গণতান্ত্ৰিক নহয়৷ সেয়ে মই নিশ্চিত যে আপুনি আৰু আপোনাৰ চৰকাৰে সদনৰ আস্থা হেৰুৱাইছে আৰু চৰকাৰখন সংখ্যালঘু৷’
তাৰ পূৰ্বে আজি বিয়লি থেকাৰেই এখন কেবিনেট বৈঠকত সভাপতিত্ব কৰে আৰু কয় যে তেওঁৰ নিজৰ লোকেই তেওঁক বিশ্বাসঘাতকতা কৰিলে৷
বিধানসভাত কাইলৈ আস্থাৰ ভোটৰ সন্মুখীন হ’বলৈ ৰাজ্যপাল ভগত সিং কোশিয়াৰিয়ে দিয়া নিৰ্দেশৰ প্ৰত্যাহবান জনাই শিৱ সেনাই উচ্ছতম ন্যায়ালয়ত জনোৱা আৱেদনৰ শুনানি চলি থকাৰ মাজতে বিয়লি তেওঁ কেবিনেট বৈঠক আহবান কৰে৷
এজন বিষয়াই কয় যে থেকাৰেই তেওঁৰ কেবিনেট সতীৰ্থসকলক কয়, ‘মই যদি অনিচ্ছাকৃতভাৱে কাৰোবাক আঘাত দিছিলোঁ তেন্তে তাৰ বাবে মই ক্ষমা বিচাৰিছোঁ৷’ মুখ্যমন্ত্ৰীৰ ভাষণৰ পাছত মন্ত্ৰীসকলে হাত চাপৰি বজায়৷
কেবিনেটত ঔৰংগাবাদৰ নাম সম্ভাজীনগৰ আৰু ওছমানাবাদৰ নাম ধৰাশিৱলৈ সলনি কৰিবলৈ সিদ্ধান্ত লোৱা হয়৷ সম্ভাজী আছিল শিৱাজীৰ জ্যেষ্ঠ পুত্ৰ৷ কেবিনেটে লগতে নৱী মুম্বাইৰ নতুন বিমান বন্দৰটোৰ নাম ডি বি পাটিলৰ নামেৰে নামকৰণ কৰিবলৈও সিদ্ধান্ত লয়৷
Comments