গুৱাহাটী, ৩০ জুনঃ ৰাজস্থানৰ উদয়পুৰত দৰ্জী কানহাইয়া লালৰ হত্যাৰ তদন্ত বৰ্তমান এন আই এ কৰি আছে। ৰিয়াজ আৰু মহম্মদ ঘাউছ এই গোচৰটোত অভিযুক্ত বুলি প্ৰমাণিত হৈছে। লগতে এই গোটেই ঘটনাটোৰ সৈতে পাকিস্তান জড়িত থকাৰ গোপন কথা প্ৰকাশ হৈছে। প্ৰকৃততে, এই দুয়োজন অভিযুক্ত পাকিস্তানত থকা কিছুমান লোকৰ সৈতে সম্পৰ্কত আছিল। কেৱল এয়াই নহয়, বিশেষ সূত্ৰৰ পৰা জানিব পৰা অনুসৰি, দুয়োজন অভিযুক্তই কানহাইয়া লালৰ হত্যাকাণ্ডৰ পূৰ্বে আই এছ আই এছ ৰ ভিডিঅ' চাই লৈছিল।
সূত্ৰৰ পৰা আৰু জানিব পৰা গৈছে যে, এন আই এয়ে দুয়োজন অভিযুক্তক শীঘ্ৰেই দিল্লীলৈ লৈ যাব। তদন্তকাৰী সংস্থাটোৱে সন্দেহ কৰিছে যে অভিযুক্ত দুয়োজনে হত্যাকাণ্ডটো সংঘটিত কৰিবলৈ সন্ত্ৰাসবাদী সংগঠন আইএছআইএছৰ ভিডিঅ' চাই লৈছিল। অভিযুক্ত দুয়োজনে হত্যাকাণ্ডৰ আগতে আৰু পিছত পাকিস্তানত থকা কিছুমান লোকৰ সম্পর্কত আছিল।
এন আই এয়ে অভিযুক্ত দুয়োজনৰ পৰা উদ্ধাৰ কৰা ম'বাইল আৰু ইলেক্ট্ৰনিক সঁজুলিবোৰ ফৰেনচিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিব। এন আই এ দলটোৱে সামাজিক মাধ্যমৰ পোষ্টৰ বিৱৰণ পাবলৈ আৰু দুয়োজন অভিযুক্তৰ সৈতে কথা পাতিবলৈ চাইবাৰ আৰু ফৰেনচিক দলৰ পৰা সহায় লৈ আছে।
অভিযুক্ত ৰিয়াজ আৰু মহম্মদ ঘাউছ পাকিস্তান ভিত্তিক ইছলামিক সংগঠন দাৱাতে-ই-ইছলামৰ সৈতে সম্পৰ্কিত। ইয়াৰ লগতে, এন আই এয়ে এই অভিযুক্ত দুয়োজনৰ সৈতে সম্পৰ্কত থকা আৰু দাৱাতে ইছলামীৰ সৈতে জড়িত আন লোকসকলক বিচাৰি উলিয়াবলৈ চেষ্টা কৰি আছে।
মঙলবাৰে সংঘটিত এই ঘটনাৰ পিছত, আৰক্ষী বিষয়াসকলে কৈছিল যে, "প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পাইছে যে ঘটনাটো সন্ত্ৰাস বিয়পোৱাৰ লক্ষ্যৰে সংঘটিত কৰা হৈছিল। অভিযুক্ত দুয়োজনৰ আন দেশত আন্তৰ্জাতিক সম্পৰ্ক থকাৰ তথ্যও পোহৰলৈ আহিছে।"
লগতে, আৰক্ষীয়ে মঙলবাৰে ৰাজচামান্দৰ পৰা অভিযুক্ত মহম্মদ ৰিয়াজ আৰু ঘাউছ মহম্মদ দুয়োকে গ্ৰেপ্তাৰ কৰিছিল। দুয়োজন অভিযুক্তৰ বিৰুদ্ধে বেআইনী কাৰ্যকলাপ (ইউএপিএ) আইনকে ধৰি আইপিচিৰ কেইবাটাও ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছিল। সূত্ৰ অনুসৰি, কানহাইয়াৰ শৰীৰত ২৬ টা আঘাতৰ চিহ্ন পোৱা গৈছে, যাৰ ভিতৰত ৮ ৰ পৰা ১০ নম্বৰ কেৱল ডিঙিত আছিল। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত এই কথা উল্লেখ কৰা হৈছে।
ঘটনা অনুসৰি, দুয়োজন আক্ৰমণকাৰীয়ে কাপোৰৰ জোখ দিয়াৰ অজুহাতত মঙলবাৰে কানহাইয়াৰ দোকানত প্ৰৱেশ কৰিছিল। ইপিনে, নিহত কাপোৰ চিলাই কৰা দৰ্জীজনৰ আত্মীয়সকলে কৈছে যে, "দুয়োকে ফাঁচী দিয়া উচিত, যাতে ভাৰতত এনে ঘটনা সংঘটিত কৰিবলৈ কোনেও সাহস নকৰে।"
Comments