গুৱাহাটী,৩০ জুন:অসমৰ বান পৰিস্থিতিৰ এতিয়াও উন্নতি ঘটা নাই৷ বান আৰু খহনীয়াত মৃত্যুৰ সংখ্যাই ইতিমধ্যে শতকৰ ঘৰ অতিক্ৰম কৰিছে। সমান্তৰালভাৱে চুবুৰীয়া ৰাজ্য, মেঘালয়, মণিপুৰ, অৰুণাচলতো অব্যাহত আছে ধাৰাসাৰ বৰষুণ ।এইবাৰ মণিপুৰত সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা । মণিপুৰৰ টুপিল ৰে'লৱে ষ্টেচনৰ সমীপত হোৱা ভয়াৱহ ভুমিস্খলনত ১২ জন লোকৰো অধিক সমাধিস্থ হোৱাৰ খবৰ পোৱা গৈছে । উদ্ধাৰ অভিযান চলি থাকিলেও সন্ধানহীন হৈ আছে কেইবাজনো লোক ।
ভাৰতীয় সেনাৰ ১০৭ টেৰিটৰিয়েল গোটৰ টুপিল ৰে'ল ষ্টেচনৰ সমীপত পুৱতি নিশা ভয়ানক ভূমিস্খলনৰ ঘটনাটো সংঘটিত হয় । উক্ত ঘটনাত কেইবাজনো লোক নিৰুদেশ হৈ আছে । মণিপুৰৰ জিৰিবাম ৰে'ল ষ্টেচন লাইনৰ পুনৰ নিৰ্মাণকাৰ্যৰ সংৰক্ষণৰ বাবে দায়িত্বত থকা সেনাৰ দলটো কথমপি ৰক্ষা পৰে । পুৱা ৫ বজাত ভুমিস্খলনৰ কবলত পৰা ৰে'লৱে আৰু সেনাৰ দলটোৰ ১৩ জন লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হয় । ইতিমধ্যে ভাৰতীয় সেনাবাহিনী আৰু অসম ৰাইফলছৰ উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰকাৰ্যত নিয়োজিত হৈ পৰিছে । আনহাতে, ভূমিস্খলনত আহত জোৱান আৰু অন্য লোকসকলক ননয় সেনাৰ চিকিৎসা দলে তাৎক্ষণিকভাৱে সেনাৰ চিকিৎসা শিবিৰলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে । সেনাৰ তৃতীয় ক'ৰৰ ডিমাপুৰৰ মুখপাত্ৰই জনোৱা মতে, পুৱাৰ সময়ত কেইবাবাৰো ভুমিস্খলন হোৱাৰ বাবে উদ্ধাৰ কাৰ্যত অসুবিধাৰ সৃষ্টি হয় । ইফালে সেনাৰ তৰফৰ পৰা উদ্ধাৰ কাৰ্যৰ বাবে হেলিকপ্টাৰ ব্যৱহাৰৰ বাবে সাজু কৰি ৰখা বুলি জানিবলৈ দিছে ।
এইঘটনাক লৈ অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে,"মণিপুৰৰ টুপুল ৰে'লৱে য়াৰ্ড নিৰ্মাণ শিবিৰৰ ওচৰত ভূমিস্খলনৰ দুৰ্ভাগ্যজনক ঘটনাৰ বিষয়ে জানি গভীৰ ভাৱে দুখ পাইছো, য'ত কেইবাজনো লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে, আনহাতে বহুলোক সন্ধানহীন হৈ আছে।মৃতকৰ বাবে মোৰ প্ৰাৰ্থনা আৰু শোকসন্তপ্ত সকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো।"
Comments