নলবাৰী, ৩০ জুনঃ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত বন্যাৰ্তক উপযুক্ত সাহায্য, পুনৰ সংস্থাপন, বান আৰু খহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্থায়ী সমাধান আৰু বানপীড়িত জনসাধাৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিশেষ পেকেজ প্ৰদান কৰাৰ দাবীত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই।
নলবাৰী শ্বহীদ ভৱনৰ সন্মুখত পি এন চি পথত প্ৰায় দুই শতাধিক ছাত্ৰ কৰ্মীয়ে অংশ গ্ৰহন কৰা বিক্ষোভ কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱাই কয় যে “যদি আমাৰ সম্পদৰ ওপৰত কেন্দ্ৰৰ সম্পূৰ্ণ অধিকাৰ থাকে তেতিয়াহলে আমাৰ সমস্যাক কিয় মাহী আইৰ দৃষ্টিৰে চাব কেন্দ্ৰীয় চৰকাৰে।
এই কথা কোনো কাৰনতে মানি লব নোৱাৰি আৰু মানি লোৱা নহ’ব৷ ” অতি শীঘ্ৰে বানপানীক ৰাষ্ট্ৰীয় সমস্যা আৰু যি সকল লোক বানত ক্ষতিগ্ৰস্থ হৈছে তেওঁলোকক পুনঃসংস্থাপনৰ সম্পূৰ্ণ ব্যৱস্থা কৰিবলৈ দাবী উত্থাপন কৰে। বিক্ষোভ কাৰ্যসূচীত জিলা সভাপতি গুনজ্যোতি পাঠক আৰু সাধাৰণ সম্পাদক অক্ষয় ডেকাই কয় যে, এইবাৰ বানত নলবাৰী জিলা বিশেষ ভাবে ক্ষতিগ্ৰস্থ হৈছে। গতিকে বিজ্ঞান সন্মত ভাবে নলবাৰীৰ বান সমস্যা সমাধান কৰাৰ লগতে নলবাৰীলৈ বিশেষ আৰ্থিক পেকেজ দিবলৈ দাবী জনায়।
আনহাতে নলবাৰী চহৰৰ কৃত্ৰিম বানপানী সমস্যাও অতি ক্ষিপ্ৰতাৰে সমাধান কৰিবলৈ দাবী জনায়। বিক্ষোভ কাৰ্যসূচীত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ৰিয়াজউদ্দিন আহমেদে অংশ গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰক অসম চৰকাৰে হেঁচা প্ৰয়োগ কৰি অতি শীঘ্ৰে আমাৰ এই সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে সমাধান কৰাৰ বাবে দাবী জনায়। এ ফৰ আছাম বুলি কলে আমি ক্ষান্ত নহওঁ বুলি আহমেদে কয়।
বিক্ষোভকাৰী সকলে মুখ্যমন্ত্ৰী হায় হায়,কেন্দ্ৰীয় চৰকাৰ হায় হায়, নৰেন্দ্ৰ মোডী মুৰ্দাবাদ, অসম চৰকাৰ হায় হায়, বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষনা কৰক, গৰাখহনীয়া সমস্যা সমাধান কৰক,বানাক্ৰান্তক পুনঃসংস্থাপন কৰক আদি শ্ল’গান দি দাবী সাব্যস্ত কৰে।
Comments