গুৱাহাটী,৩০ জুন : আসন্ন কমনৱেলথ গেমছৰ ভাৰতীয় লন বল দলত অসমৰ চাৰি গৰাকী খেলুৱৈয়ে স্থান লাভ কৰিবলৈ সক্ষম হৈছে। আজি এই কথা প্ৰকাশ কৰে অসম লন বলিং সন্থাই। উল্লেখ্য যে ভাৰতীয় লন বলিং সন্থাই আজি আসন্ন কমনৱেলথ গেমছৰ ভাৰতীয় দলটো আনুষ্ঠানিকভাবে ঘোষণা কৰিছে। নির্বাচিত ১২ জনীয়া দলত স্থান লাভ কৰিছে অসমৰ চাৰি গৰাকী খেলুৱৈয়ে।
ভাৰতীয় দলৰ বাবে নিৰ্বাচিত হোৱা অসমৰ চাৰি গৰাকী খেলুৱৈ হ'ল: তানিয়া চৌধুৰী, নয়মমণি শইকীয়া, মৃদুল বৰগোঁহাই আৰু আনন্দ নাৰ্জাৰী। উল্লেখ্য যে বার্মিংহামত অহা ২৮ জুনাইৰ পৰা আঠ আগষ্টলৈ অনুস্থিত হ'ব কমনৱেলথ গেমছ। অসম লন বলিং সন্থাৰ সভাপতি মনোজ শইকীয়া আৰু সম্পাদক নৱ বসুমতাৰীয়ে অসম দলৰ সদস্যসকলক অভিনন্দন জ্ঞাপন কৰিছে।
উল্লেখ্য যে লন বলৰ এই দলটোৰ স’তে সমাগত কমনৱেলথ গেমছত অংশগ্ৰহণ কৰিবলগীয়া অসমৰ খেলুৱৈৰ সংখ্যা এতিয়া আঠগৰাকীলৈ বৃদ্ধি পালে ৷ ইয়াৰ পূৰ্বে অসম জননীৰ চাৰি সন্তান ক্ৰমে বক্সিঙত অলিম্পিক পদক জয়ী লাভলীনা বৰগোঁহাই আৰু দুবাৰৰ অলিম্পিয়ান শিৱ থাপা, এথলেটিকছত হিমা দাস আৰু ভাৰোত্তোলনত পপী হাজৰিকাই বার্মিংহাম কমনৱেলথ গেমছৰ বাবে যোগ্যতা অৰ্জন কৰিছে ।
Comments