গুৱাহাটী,৩০ জুন:বিসম্বাদৰ অন্ত পেলাই নতুন পৰিচয় লাভৰ দিশে একনাথ সিন্দে ৷ আজি সন্ধিয়া মহাৰাষ্ট্ৰত আৰৱ সাগৰৰ বুকুত এফালে সূৰ্য অস্ত গ’ল আৰু আনফালে একনাথ সিন্দেৰ ভাগ্যৰ বেলি উদয় হ’ল ৷ সন্ধিয়া ৭.৩০ বজাৰ লগে লগে মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত লয় একনাথ সিন্দেয়ে ৷ সমগ্ৰ শপত গ্ৰহণ থলী জয় মহাৰাষ্ট্ৰ, জয় ভৱানী ধ্বনিৰে গুঞ্জৰিত হয় ৷ উপ-মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰে দেৱেন্দ্ৰ ফাড়নাভিছে ৷ ৰাজ্যপাল ভগৎ সিং কোশীয়াৰিয়ে দুয়োকে শপত বাক্য পাঠ কৰোৱাই ৷
দিনৰ ভাগত চৰ্চা চলিছিল যে, বিজেপি নেতা দেৱেন্দ্ৰ ফাড়নাভিছে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ৷ কিন্তু সকলোকে আচৰিত কৰি সংবাদমেল যোগে ফাড়নাভিছে ঘোষণা কৰে যে, মুখ্যমন্ত্ৰীৰ আসনত বহিব একনাথ সিন্দে ৷ সেইজন একনাথ সিন্দে যি প্ৰায় দহ দিন পূৰ্বৰ পৰা ঠাকৰে চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰি সমগ্ৰ দেশতে চৰ্চিত হৈছিল ৷ফাড়নাভিছে কয় যে, তেওঁ চৰকাৰৰ পৰা দূৰত থাকিব খোজে আৰু আশা কৰে যে, মসৃণভাৱে এই চৰকাৰ চলিব ৷ ইয়াৰ পূৰ্বে দেৱেন্দ্ৰ ফাড়নাভিছ আৰু একনাথ সিন্দেয়ে মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগৎ সিং কোশীয়াৰিক সাক্ষাৎ কৰে ৷ তেতিয়ালৈকে বিজেপি নেতা তথা ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিছে মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব বুলিয়েই চৰ্চা হৈছিল ৷ কিন্তু শেষত প্ৰতিচ্ছবি সলনি হ'ল ৷ সিন্দেক মুখ্যমন্ত্ৰীৰ আসন এৰি দি নিজে উপ-মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰে ৷দেৱেন্দ্ৰ ফাড়নাভিছে দুদিন পূৰ্বেও ৰাজ্যপালক সাক্ষাৎ কৰিছিল আৰু আস্থাভোটৰ আয়োজন কৰিবলৈ অনুৰোধ জনাইছিল ৷
Comments