গুৱাহাটী,১ জুলাই:মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে পদত্যাগৰ পিছতে অভিনেত্রী কংগনা ৰাণাৱতে সামাজিক মাধ্যমৰ জৰিয়তে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল। উল্লেখ্য যে ২০২০ চনত কংগনাই থাকৰে নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে ভৱিষ্যৎবাণী কৰিছিল। সেই সময়ত মুম্বাইৰ পৌৰ প্ৰশাসনে কংগনাৰ ৰেকৰ্ডিং ষ্টুডিঅ' আৰু বাসভৱনত বুলড’জাৰেৰে ভাঙি তচনচ কৰিছিল। অনুমতিবিহীনভাৱে নিৰ্মাণ কৰা বুলি অভিযোগ আনিছিল মুম্বাইৰ পৌৰপ্ৰশাসনে। কিন্তু প্ৰকৃততে এই ঘটনা ৰাজনৈতিক প্রতিশোধ আছিল বুলি একাংশই ধাৰণা কৰিছিল। সেয়েহে তেতিয়াই অভিনেত্ৰীগৰাকীয়ে কৈছিল যে আজি মোৰ ঘৰ ভাঙিছা, কাইলৈ তোমাৰো ঘৰ ভাঙিব। এনেকৈয়ে কংগনাৰ অভিশাপ প্ৰতিফলিত হোৱা বুলি বহুতেই চৰ্চা কৰিছে।
ইয়াৰ মাজতে কংগনাই উদ্ধৱ থাকৰেৰ পদত্যাগৰ পিছতে কয় যে যেতিয়া বেয়া শক্তিবোৰে অধিক অত্যাচাৰী হৈ উঠে, তেতিয়া ধ্বংস অনিবাৰ্য আৰু সেই ধ্বংসৰ মাজৰ পৰাই নতুনকৈ সৃষ্টিৰ তাগিদা আহে। তেতিয়াই জীৱনৰ পদুম ফুল ফুলি উঠে। এনেকৈয়ে কাব্যিক ভাষাৰে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে থাকৰেৰ সম্পৰ্কত দীর্ঘদিন সন্মুখীন হোৱা অভিজ্ঞতাৰ প্ৰসংগ পুনৰ উত্থাপন কৰা দেখা গ'ল।
Comments