শিৱসাগৰ, ১ জুলাই:- শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত আজি দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে শিৱসাগৰ দিৱস পালন কৰা হয়। আজি শিৱসাগৰ যুৱদল প্ৰেক্ষাগৃহত শিৱসাগৰ জিলা দিৱস উপলক্ষে অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই শিৱসাগৰ জিলাৰ সামগ্ৰিক উন্নয়ণৰ লগতে সামাজিক আৰু বিদ্যায়তনিক দিশটো উন্নত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি এইক্ষেত্ৰত সংশ্লিষ্ট সকলোকে সহায়-সহযোগিতা আগঢ়াবলৈ আহ্বান জনায় ।ভাষণ প্ৰসঙ্গত তেখেতে শিৱসাগৰ জিলাক সমগ্ৰ দেশৰ ভিতৰতে এখন আদৰ্শ জিলালৈ পৰিবৰ্তন কৰি নৱৰূপত গঢ় দিয়াৰ সংকল্প গ্ৰহণ কৰিবলৈও আহ্বান জনায় ।
ইয়াৰ আগেয়ে উপায়ুক্ত মেঘ নিধি দাহালে শিৱসাগৰ দিৱস উপলক্ষে আদৰণি ভাষণত জিলাখনৰ বৰেণ্য ব্যক্তি সকলে ক্ৰীড়া, সাহিত্য আদি বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বিষয়ে উল্লেখ কৰে । তেখেতে ভাষণ প্ৰসঙ্গত জিলাখনত বিভিন্ন বিভাগৰ দ্বাৰা ৰূপায়িত হৈ থকা উন্নয়ণমূলক কামৰ এক বিস্তৃত খতিয়ান ডাঙি ধৰে । বিশেষকৈ জলজীৱন মিচনত লাভ কৰা অগ্ৰগতি, কৃষক সকলে পি. এম. কিষাণ নিধি যোগে লাভ কৰা সাহাৰ্য, কৃষক সকলৰ সহায় হোৱাকৈ চৰকাৰী নিৰ্দ্ধাৰিত মূল্যত ধান সংগ্ৰহ কেন্দ্ৰ স্থাপন, চাহ বাগিছা এলেকাত স্থাপন কৰা আদৰ্শ বিদ্যালয়, সমন্বিত উপায়ুক্ত কাৰ্যালয় স্থাপনৰ পৰিকল্পনা আদি অন্যতম ।
নামতি শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ সহকাৰী অধ্যাপক পবিত্ৰ কুমাৰ বৰাই বক্তব্যত কয় যে ইতিহাস প্ৰসিদ্ধ শিৱসাগৰৰ নামটোৱেই একক আৰু অনন্য । তেখেতে ঐতিহাসিক শিৱসাগৰৰ প্ৰাচীন কীৰ্তি চিহ্ন সমূহৰ সংৰক্ষণত গুৰুত্ব প্ৰদান কৰে ।
আজিৰ এই ৰাজহুৱা সভাত আৰক্ষী অধীক্ষক শুভজ্যোতি বৰা; শ্ৰী শ্ৰী উজনিয়াল সত্ৰৰ সত্ৰাধিকাৰ লক্ষীকান্ত মহন্ত, শ্ৰী শ্ৰী বৰখাটপাৰ সত্ৰৰ সত্ৰাধিকাৰ লীলাকান্ত মহন্ত, শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা দীপালি চলিহা, সাহিত্যিক নিৰুপমা মহন্ত, ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ জীয়ৰী তথা প্ৰাক্তন ৱাৰ্ড কমিচনাৰ জয়শ্ৰী চলিহা; পৌৰপতি মৃণালী কোৱঁৰ আদি বিশিষ্ট ব্যক্তি সকলেও সভাত উপস্থিত থাকি কাৰ্যসূচীত অংশগ্ৰহণ কৰে।
শিৱসাগৰ দিৱস দিৱস উপলক্ষে আয়োজিত বিভিন্ন প্ৰতিযোগিতাৰ বিজয়ী সকলক আজিৰ এই সভাতেই পুৰস্কাৰ প্ৰদান কৰা হয় । চিত্ৰাংকণ প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে লক্ষ্মীনাথ বেজবৰুৱা শিশু ভৱনৰ অংকিতা দাসে ।দ্বিতীয় স্থান লাভ কৰে লক্ষ্মীনাথ বেজবৰুৱা শিশু ভৱনৰ গায়ত্ৰী কলিতাই আৰু তৃতীয় স্থান লাভ কৰে কিস্তুৰ চান্দ্ৰ আগৰৱালা প্ৰাথমিক বিদ্যালয়ৰ বাৰ্বী বসুমতাৰীয়ে । আবৃত্তি প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে কিস্তুৰ চান্দ্ৰ আগৰৱালা প্ৰাথমিক বিদ্যালয়ৰ অৱনীশ খাৰঘৰীয়াই, দ্বিতীয় স্থান যুটীয়াভাৱে লাভ কৰে ক্ৰমে শিৱসাগৰ চৰকাৰী বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদ্দীপনা গগৈ আৰু শ্ৰীপুৰীয়া মধ্য ইংৰাজী বিদ্যালয়ৰ বিশ্বজিৎ গগৈয়ে আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে কৰদৈগুৰি মধ্য ইংৰাজী বিদ্যালয়ৰ উদয় ভূঞা, ফুলেশ্বৰী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গাৰ্গী কাশ্যপ আৰু লক্ষ্মীনাথ বেজবৰুৱা প্ৰাথমিক বিদ্যালয়ৰ চাও ৰু-লাই চেং গগৈয়ে ।
কুইজ প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে ফুলেশ্বৰী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইলা গগৈ আৰু মনুস্মিতা শৰ্মাই । দ্বিতীয় স্থান যুটীয়াভাৱে লাভ কৰে চুফি মাৰ্চি মেম’ৰিয়েল স্কুলৰ মৃগাক্ষী দাস আৰু প্ৰণতি বৰাই আৰু আখৈফুযীয়া মধ্য ইংৰাজী বিদ্যালয়ৰ কল্যাণজ্যোতি শিকীয়া আৰু জনাৰ্দন বৰাই । তৃতীয় স্থান লাভ কৰে ভোগবাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ জাহ্নৱী বুঢ়াগোহাঁই আৰু অভিলাষা খনিকৰে । ৰচনা প্ৰতিযোগিতাত ‘ক’ শাখাত প্ৰথম স্থান লাভ কৰে মাজনৰা মধ্য ইংৰাজী বিদ্যালয়ৰ আস্থা নন্দিনী গগৈয়ে, দ্বিতীয় নিউ লুক একাডেমীৰ প্ৰিয়ুস গগৈ আৰু তৃতীয় যুটীয়া ভাৱে নিউ লুক একাডেমীৰ অন্তৰা শৰ্মা আৰু শিৱসাগৰ চৰকাৰী বহুমুখী উচ্চ মাধ্যমিক বিদ্যালয়ৰ চৈয়দ চাকিল হুছেইন । ‘খ’ শাখাত প্ৰথম স্থান লাভ কৰে হাঁহচৰা উচ্চ ইংৰাজী বিদ্যালয়ৰ ৰিম্পী বুঢ়াগোঁহায়ে, দ্বিতীয় যুটীয়া ভাৱে শিৱসাগৰ চৰকাৰী বহুমুখী উচ্চ মাধ্যমিক বিদ্যালয়ৰ অভিপ্সা শইকীয়া আৰু হিমাক্ষী বৰুৱাই । তৃতীয় যুটীয়া ভাৱে ফুলেশ্বৰী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চুহানা য়াচমিন আৰু নিউ লুক একাডেমিৰ ৰাজ আহমেদে ।
শিৱসাগৰ দিৱসৰ লগত সংগতি ৰাখি উপায়ুক্তৰ বাসভৱনৰ সমীপত থকা পুৰণা ট্ৰেজাৰী কাৰ্যালয়ত বৰ্ণকুটীৰৰ সুজিত বৰুৱাৰ দ্বাৰা চিত্ৰ আৰু মুখা শিল্প প্ৰদৰ্শন কৰা হয় । সন্ধিয়া চৰকাৰী, বেচৰকাৰী কাৰ্যালয় আৰু বিভিন্ন উদ্যানত বন্তি প্ৰজ্বলন আৰু শিৱসাগৰ যুৱ দল প্ৰেক্ষাগৃহত শিৱসাগৰ উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীৰ দ্বাৰা নাট পৰিবেশনেৰে দিৱসৰ কাৰ্যসূচী সামৰণি পৰিব ।
পুৱাৰ ভাগত সম্প্ৰীতি চাইকেল চালন শিৱসাগৰ পুখুৰীৰ পাৰৰ পৰা জয়সাগৰলৈকে সম্পন্ন কৰা হয়।
Comments