Classifieds
View All
যোৰহাট: ১ জুলাই : অসমৰ বানপানীৰ আৰু গৰাখহনীয়া সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা, শেহতীয়া বানত ক্ষতিগ্ৰস্ত লোকৰ ক্ষতিপুৰন লগতে পুনৰ সংস্থাপন আৰু নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধৰ দাবীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে অসমৰ প্ৰতিখন জিলাৰ লগতে পৰিষদৰ যোৰহাট জিলা সমিতিয়েও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মূখত পৰিষদৰ কৰ্মী সকলে তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।
পৰিষদৰ যোৰহাট জিলা সমিতিৰ সভাপতি প্ৰণৱজ্যোতি শইকীয়া আৰু সাধাৰণ সম্পাদক বাবু দত্তৰ নেতৃত্বত অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰক,শেহতীয়া বানত ক্ষতিগ্ৰস্ত লোকক ক্ষতিপুৰন আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক,বন্যৰ্তাক পৰ্যাপ্ত সাহাৰ্য প্ৰদান কৰক আদি শ্লগানেৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।
Comments