মুম্বাই, ৩০ জুন ঃ মহাৰাষ্ট্ৰৰ ৰাজনীতিত দ্ৰুত নাটকীয় পৰিৱৰ্তনৰ মাজত আজি শিৱ সেনাৰ নেতা একনাথ সিন্ধেই ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰূপে আৰু বিজেপিৰ নেতা দেৱেন্দ্ৰ ফড়নবিছে উপ-মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে৷
সন্ধিয়া ঠিক পাছত ৰাজ্যপাল ভগত সিং কোশিয়াৰীয়ে ৰাজভৱনত তেওঁলোকক শপতবাক্য পাঠ কৰোৱায়৷ সিন্ধেই শিৱ সেনাৰ প্ৰয়াত নেতাদ্বয় বাল থেকাৰে আৰু আনন্দ দীঘেৰ প্ৰতি শ্ৰদ্ধা জনাই শপত গ্ৰহণ কৰে৷
তেওঁ শপত বাক্য পঢ়ি শেষ কৰাৰ লগে লগে তেওঁৰ সমৰ্থকসকলে থেকাৰে আৰু দীঘেক প্ৰশংসা কৰি ধবনি দিয়ে৷ সিন্ধে ৰাজ্যখনৰ ২০সংখ্যক মুখ্যমন্ত্ৰী হৈছে৷ তেওঁ এজন শিৱসেনাৰ নেতা হোৱাৰ আগতে তেওঁ অট’ ৰিক্সা চলাইছিল৷
ইফালে শপত গ্ৰহণৰ পূৰ্বে, ফড়নবিছ আৰু সিন্ধেই ৰাজ্যপালক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ দাবী উত্থাপন কৰে৷ ৰাজ্যপালে চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনোৱাৰ পাছত এখন সংবাদমেলত সকলোকে আচৰিত কৰি ফড়নবিছে ঘোষণা কৰে যে সিন্ধেহে মুখ্যমন্ত্ৰী হ’ব আৰু তেওঁ চৰকাৰত নাথাকে আৰু বাহিৰৰ পৰা বিজেপিয়ে নতুন চৰকাৰখনক সমৰ্থন দিব৷
কিন্তু তাৰ পাছতে নতুন দিল্লীত বিজেপিৰ সভাপতি জে পি নড্ডাই ঘোষণা কৰে যে ফড়নবিছ চৰকাৰৰ অংশ হ’ব আৰু তেওঁ উপ-মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব৷ আগতে সকলোৱে ভাবি আছিল যে ফড়নবিছ নতুন মুখ্যমন্ত্ৰী হ’ব৷ শপতগ্ৰহণৰ পাছত সিন্ধেই কয়, ‘ৰাজ্যখনৰ উন্নয়ন মোৰ অগ্ৰাধিকাৰ৷
সমাজৰ সকলো শ্ৰেণীক লগত লৈ মই আগবাঢ়িম৷’ উল্লেখযোগ্য যে সিন্ধে গোটৰ সমৰ্থনত ফড়নবিছহে পুনৰ মুখ্যমন্ত্ৰী হ’ব বুলি আশা কৰা হৈছিল৷ পাছত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটোৱা হ’ব৷ সিন্ধেৰ সৈতে ৰাজ্যপাল ভগত সিং কোশিয়াৰিক সাক্ষাৎ কৰাৰ পাছত ৰাজভৱনৰ প্ৰাংগণত এখন সংবাদমেলত ফড়নবিছে কয় যে তেওঁ নহয়, সিন্ধেহে মুখ্যমন্ত্ৰী হ’ব৷
আনহাতে সিন্ধেই কয়, ‘ফড়নবিছে মোৰ ওপৰত ৰখা বিশ্বাসক মই বিশ্বাসঘাতকতা নকৰোঁ৷’ আগতে দুবাৰ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হোৱা আৰু বিতমান বিধানসভাত বিৰোধী পক্ষৰ নেতা ফড়নবিছে কৈছিল যে বিজেপিয়ে সিন্ধেৰ গোটক বাহিৰৰ পৰা সমৰ্থন দিব৷ উল্লেখযোগ্য যে বিধানসভাত বিজেপি একক বৃহৎ দল আৰু বিধায়ক আছে ১০৬জন৷
ফড়নবিছে কয়, ‘মই চৰকাৰৰ বাহিৰত থাকিম, কিন্তু উদ্ধৱ থেকাৰেই পদত্যাগ কৰাৰ পাছত বিকল্প হিচাপে গঠন হ’বলগীয়া চৰকাৰখনৰ কাম-কাজ সুচাৰুৰূপে চলাটো মই নিশ্চিত কৰিম৷’ তেওঁ কয় যে পাছত শিৱ সেনা [বিদ্ৰোহী], বিজেপি আৰু কেইজনমান নিৰ্দলীয়ক মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰোৱা হ’ব৷
তেওঁ কয়, ‘ই ক্ষমতাৰ যুঁজ নহয়, বৰং নীতি আৰু হিন্দুত্বৰ ভাবাদৰ্শৰ যঁুজ৷’ তেওঁ আৰু কয় যে এই সন্ধিক্ষণত বিজেপি ৰাজ্যখনত নিৰ্বাচন জাপি দিয়াৰ বিৰোধী৷ ২০১৯ চনৰ বিধানসভাৰ নিৰ্বাচনত শিৱ সেনা আৰু বিজেপিয়ে একেলগে নিৰ্বাচন খেলিছিল৷ কিন্তু সেনাই পাছত কংগ্ৰেছ আৰু এন চি পিৰ সৈতে মিত্ৰতা কৰাত সেনাৰ নেতা-কৰ্মীসকলৰ মাজত অশান্তি চলি আছিল৷
তেওঁ কয় যে মহা বিকাশ আঘাড়ী [এম ভি এ] মৰ্চা দুৰ্নীতি পৰায়ণ আছিল আৰু ইয়াৰ দুজন মন্ত্ৰী দুৰ্নীতি আৰু ধনৰ অবৈধ সৰবৰাহৰ গোচৰত বৰ্তমান কাৰাগাৰত আছে৷ তাৰ আগতে আজি বিজেপিয়ে দাবী কৰে যে নতুন চৰকাৰ গঠন কৰিবলৈ তেওঁলোকৰ ১৭০জনৰো অধিক বিধায়কৰ সমৰ্থন আছে৷
ইফালে গুৱাহাটীৰ পৰা আহি কালি নিশা গোৱাৰ এখন হোটেলত থকা শিৱ সেনাৰ বিদ্ৰোহী গোটৰ নেতা একনাথ সিন্ধেই আজি বিদ্ৰোহী বিধায়কসকলৰ সৈতে এখন সভা অনুষ্ঠিত কৰে আৰু তাৰ পাছত মুম্বাইলৈ আহে৷
সিন্ধে গোৱাৰ পৰা মুম্বাইলৈ ৰাওনা হোৱাৰ লগে লগে বিদ্ৰোহী গোটৰ মুখপাত্ৰ তথা বিধায়ক দীপক কেশৰকাৰে গোৱাত এখন সংবাদমেল অনুষ্ঠিত কৰে আৰু বাৰম্বাৰ জোৰ দি কয় যে ভাল কেবিনেট দ৫১১ আশাত নহয়, আদৰ্শগত কাৰণতহে তেওঁলোক উদ্ধৱ থেকাৰেৰ পৰা ফাটি আহি বিজেপিৰ লগ লাগিছে৷
তেওঁ কয়, ‘দ৫১ক লৈ চলা গুণা-গঁথা ভিত্তিহীন৷ এই ক্ষেত্ৰত এতিয়ালৈকে একো সিদ্ধান্ত হোৱা নাই৷’ তেওঁ আৰু কয় যে তেওঁলোকেহে এতিয়া শিৱ সেনাক নিয়ন্ত্ৰণ কৰিছে৷ একনাথ সিন্ধে বিধায়িনী দলৰ নেতা৷ ‘আচল শিৱ সেনা কোন সেই প্ৰশ্ন নহয়৷ আমাৰ বৈধ সংখ্যাগৰিষ্ঠতা আছে আৰু বিধায়িনী দল আমাৰ’, কেশৰকাৰে কয়৷
মহাৰাষ্ট্ৰৰ জনসাধাৰণে শিৱ সেনা আৰু বিজেপি একেলগে থাকিবৰ বাবে ভোট দিছিল, কিন্তু তাৰ পৰিৱৰ্তে এন চি পি আৰু কংগ্ৰেছক লৈ এটা নতুন মৰ্চা গঠন কৰা হ’ল বুলি উল্লেখ কৰি তেওঁ কয় যে দলটোৱে আদৰ্শৰ সৈতে আপোচ কৰিলে আৰু সেনাৰ বহু নেতাৰ আৱেদন আওকাণ কৰিলে৷ কেশৰকাৰে আৰু কয়, ‘থেকাৰেক অসন্মান কৰা বা আঘাত দিয়াৰ কোনো কাৰণ নাই৷
সেনাৰ কোনো সদস্যই থেকাৰেৰ পৰিয়ালক অপমান কৰা উচিত নহয়৷’ ইফালে শিৱ সেনাৰ নেতা সঞ্জয় ৰাউটে আজি কয় যে বিদ্ৰোহীসকলে তেওঁলোকৰ পথ বাছি লৈছে আৰু বিজেপিৰ সৈতে জড়িত হ’বলৈ বিসম্বাদৰ পথ লোৱা বিদ্ৰোহীসকলক দলে কোনো বাধা নিদিয়ে আৰু নতুন চৰকাৰত শিৱ সেনাই গঠনমূলক বিৰোধীৰ ভূমিকা পালন কৰিব৷
Comments