গুৱাহাটী, ১ জুলাইঃ আজিৰ পৰা হ'ব লগা ইংলেণ্ড আৰু টীম ইণ্ডিয়াৰ টেষ্ট মেচৰ পূৰ্বে ৰোহিত শৰ্মাৰ খেল কিছু সন্দেহৰ আৱৰ্তত সোমাই পৰিছে। প্ৰশ্ন উত্থাপিত হৈছে, যদি ৰোহিত শৰ্মা ফিট নহয়, তেন্তে তেওঁৰ ঠাইত কোনে অপেনাৰৰ হিচাপে খেলত নামিব। হৈছে
ইয়াৰ মাজতে টীম ইণ্ডিয়াৰ প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে এজন নহয় তিনিজন খেলুৱৈৰ পৰামৰ্শ দিছে। ইয়াৰে যশপ্ৰীত বুমৰাহক ৰোহিতৰ ঠাইত অধিনায়কৰ দায়িত্ব দিয়া হৈছে।
ৰাহুল দ্ৰাবিড়ে কৈছে যে, "আমি সকলো দিশ চোৱাচিতা কৰাৰ পিছত সিদ্ধান্ত লম। নিশ্চিতভাৱে মায়াংক এজন নিয়মীয়া অপেনাৰ বেটছমেন। আমাৰ ওচৰত আন বিকল্পো আছে। কে এছ ভাৰতে নিজেই অন্ধ্ৰৰ হৈ বহুতো মেচত অপেনাৰ হৈ খেলিছিল আৰু অনুশীলন খেলত দেখুৱাইছিল যে তেওঁ এই মুহূৰ্তত সুন্দৰ বেটিং কৰি আছে। বেটিং আৰম্ভ কৰাৰ পিছত তেওঁ এটা ৭০ আৰু ৪৩ ৰাণ কৰিছিল।
দ্ৰাবিড়ে আৰু কৈছে যে, "আমি বহুতো কথা মনত ৰাখি, আমি তেওঁক সেই ইনিংছত অপেনিং কৰিবলৈ পঠিয়াইছিলো।
ৰাহুল দ্ৰাবিড়ে আন এক খেলুৱৈ সন্দৰ্ভত কয় যে, "চেতেশ্বৰ পূজাৰাৰ অপৰিসীম প্ৰতিভা আছে। আমাৰ মনত স্পষ্ট যে আমি কোন দিশত যাম। আমি চাই লওঁ ৰোহিত ফিট হয় নে নহয়, মই প্লেয়িং ইলেভেন প্ৰকাশ কৰিব নোৱাৰো। কিন্তু আমি এই বিষয়ে সম্পূৰ্ণৰূপে স্পষ্ট।"
ইপিনে, টীম ইণ্ডিয়াত ইতিমধ্যে শুভমান গিলৰ ৰূপত এজন শক্তিশালী অপেনাৰ আছে। গিলে টীম ইণ্ডিয়াৰ হৈ নিজাববীয়াকৈ বহুতো মেচ জিকিছে। তেওঁৰ যিকোনো ধৰণৰ বলিং কৰাৰ ক্ষমতা আছে। গিলে অষ্ট্ৰেলিয়াত টীম ইণ্ডিয়াৰ হৈ মেচ জিকাইছে।
Comments