গুৱাহাটী, ১ জুলাইঃ ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ যুদ্ধ ৪ মাহৰো অধিক সময় পাৰ হৈছে। এতিয়াও যুদ্ধৰ সমাপ্তিৰ কোনো আশা দেখা নাই। এই সকলোবোৰৰ মাজতে বুধবাৰে স্পেইনত ৰাছিয়াই ভাবুকি দিয়াৰ ওপৰত এখন নাটো সন্মিলন অনুষ্ঠিত হয়। একে সময়তে, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে এই সন্মিলনখন হোৱাত পছন্দ নকৰিলে আৰু ইয়াৰ ওপৰত তীব্ৰ প্ৰতিক্ৰিয়া দিছে।
পুটিনে কৈছে যে, "এই সামৰিক মিত্ৰজোঁটে ইউক্ৰেইন সংঘৰ্ষৰ জৰিয়তে ইয়াৰ 'আধিপত্য' প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰি আছে। যদি নাটোৱে ফিনলেণ্ড আৰু চুইডেনত সৈন্য আৰু আন্তঃগাঁথনি স্থাপন কৰে, তেন্তে আমি ক্ষান্ত হৈ নাথাকো। আমি ইয়াৰ উচিত প্ৰত্যুত্তৰ দিম।"
প্ৰকৃততে, ফিনলেণ্ড আৰু ছুইডেনে শেহতীয়াকৈ নাটোত যোগদান কৰিছে, আনহাতে এদিন আগতে তুৰ্কীয়ে চুইডেন আৰু ফিনলেণ্ডৰ বিৰুদ্ধে নাটোত যোগদান কৰাৰ বিৰুদ্ধে ভেটো প্ৰত্যাহাৰ কৰিছিল আৰু তিনিওখন দেশে ইখনে সিখন দেশক সুৰক্ষা দিবলৈ সন্মত হৈছিল।
এই সন্দৰ্ভত পুটিনে ৰাছিয়াৰ চৰকাৰী টিভিত দিয়া এক সাক্ষাৎকাৰত কয় যে, 'চুইডেন আৰু ফিনলেণ্ডৰ সৈতে আমাৰ ইউক্ৰেইনৰ দৰে কোনোধৰণৰ সমস্যা নাই। যদি তেওঁলোক দুয়ো নাটোত যোগদান কৰিব বিচাৰে, তেন্তে নিশ্চিতভাৱে তেওঁলোকে যোগদান কৰিব পাৰে।"
ভ্লাদিমিৰ পুটিনে আৰু কৈছে যে, "অতীতত চুইডেন আৰু ফিনলেণ্ডৰ প্ৰতি কোনো ভাবুকি নাছিল আৰু এতিয়াও নাই। কিন্তু যদি নাটোৱে তেওঁলোকৰ পৰা সামৰিক আৰু আন্তঃগাঁথনি মোতায়েন কৰে, তেন্তে সকলোৰে বাবে এটা সমস্যা হ'ব।"
"আমি এই বিষয়ে নীৰৱ হৈ বহি নাথাকিম আৰু ইয়াৰ উত্তৰ দিম। ফিনলেণ্ড আৰু ছুইডেনে নাটোত যোগদান কৰাৰ ফলত ৰাছিয়াৰ সৈতে থকা সম্পৰ্ক এতিয়া প্ৰভাৱিত হ'ব। এতিয়া আমাৰ মাজত উত্তেজনা বাঢ়ি থাকিব।"
ইপিনে, নাটো সন্মিলনত সামৰিক মিত্ৰজোঁটে কয় যে, "আমাৰ সদস্যসকলৰ শান্তি আৰু নিৰাপত্তাৰ বাবে আটাইতকৈ ডাঙৰ আৰু পোনপটীয়া ভাবুকি হৈছে ৰাছিয়া।"
Comments