গুৱাহাটী,১ জুলাই:সদৌ অসম ছাত্র সন্থাৰ ডিগবৈ আঞ্চলিক সমিতিৰ সৌজন্যত অইল ইণ্ডিয়া লিমিটেড দুলীয়াজানৰ সহযোগত লক্ষীপথাৰ শাখা আছুৰ উদ্যোগত এমহীয়াকৈ ফুটবল প্রশিক্ষণ শিৱিৰৰ অয়োজিত কৰা হৈছে । লক্ষীপথাৰ উচ্চমাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজন কৰা প্ৰশিক্ষণ শিবিৰটো যোৱা ২৭ জুনত আৰম্ভ হয়।
সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ স্বীকৃতিপ্রাপ্ত প্ৰশিক্ষক চাবুৱাৰ জুলেন চুৱাৰ দ্বাৰা আগ্রহী প্রশিক্ষার্থীসকলক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে । প্ৰশিক্ষণ শিবিৰটোত বৃহত্তৰ লক্ষীপথাৰকে আদি কৰি ডিগবৈ কাষৰীয়া অঞ্চলৰ প্রায় ৬০ গৰাকী প্রশিক্ষার্থীয়ে প্রশিক্ষণ গ্ৰহণ কৰি আছে । প্ৰশিক্ষণ শিৱিৰৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে আছু কেন্দ্ৰীয় সমিতিৰ কার্যনির্বাহক সদস্য নিখিল কোঁচ, শিক্ষক খীৰ বাহাদুৰ ছেত্ৰী, প্ৰাক্তন খেলুৱৈ যোগেন পাটোৱাৰী,১৮ নম্বৰ গাৰোৱাল ৰাইফলছৰ কেপ্তেইন আদিত্য সিং ৰাণা।
Comments