Classifieds
View All
গুৱাহাটী,১ জুলাই:ৱেষ্ট বেংগলৰ চালচাত অনুস্থিত ইলেভেন চাউথ এচিয়ান আচিহাৰা কাৰাটে প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰে কাৰাটে কিডচ জ'ন নাজিৰাৰ দুগৰাকী খেলুৱৈ ইফটিকাৰ ৰাব্বানি আহমেদ আৰু ইজাজ ৰাব্বানি আহমেদে। কাৰাটে কিডচ জ'ন নাজিৰাৰ প্ৰেক্ষাগৃহত কাৰাটেৰ প্ৰশিক্ষণ লৈ ৱেষ্টবেংগলৰ চালচাত অনুস্থিত ইলেভেন চাউথ এচিয়ান আচিহাৰা কাৰাটে চেম্পিয়নশ্বিপত অংশ লৈছিল ইফটিকাৰ ৰাব্বানি আহমেদ আৰু ইজাজ ৰাব্বানি আহমেদে।
তেওঁলোকক কাৰাটেৰ প্ৰশিক্ষণ দিছিল কুতুবুদ্দিন আহমেদে। শিৱসাগৰৰ পৰা মুঠ ২২গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল এই চাউথ এচিয়ান আচিহাৰা কাৰাটে প্ৰতিযোগিতাত। তাৰে ১৯গৰাকীয়ে লাভ কৰে খিতাপ,৭গৰাকীয়ে সোণৰ পদক, ৯গৰাকীয়ে ৰূপৰ পদক আৰু ৩গৰাকীয়ে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে।
Comments