Classifieds
View All
গুৱাহাটী,১ জুলাই: দুৰ্ভগীয়া কানহায়ালালৰ শেষকৃত্যৰ বাবে আৰু পৰিয়ালটোৰ সুৰক্ষাৰ বাবে কমেও ১২ হাজাৰ ব্যক্তিয়ে দান-বৰঙণি আগবঢ়াইছে। যোৱা ২৪ ঘণ্টাত ১.৩৫ কোটি টকা সংগ্ৰহ হৈছে। এই ধনৰাশি পৰিয়ালৰ হাতত অৰ্পণ কৰা হ'ব। উল্লেখ্য যে ৰিয়াজ আখতাৰী আৰু ঘোছ মহম্মদ নামৰ দুই অপৰাধীয়ে দৰ্জী কানহায়ালালক শিৰশ্ছেদ কৰিছিল।
উদয়পুৰৰ ধানমান্দি অঞ্চলত সংঘটিত হৈছিল এই হত্যাকাণ্ড। ইছলাম ধৰ্মক নিন্দা কৰা বুলি অভিযোগ আনি এই হত্যাকাণ্ড সংঘটিত কৰিছিল।
অনলাইনৰ জৰিয়তে কানহায়ালালৰ পৰিয়ালটোক সহায়ৰ বাবে আহবান জনোৱা হৈছিল আৰু যোৱা ২৪ ঘণ্টাত বাৰ হাজাৰতকৈয়ো অধিক লোকে এনে বৰঙণি প্ৰদান কৰিছে। প্রণিধানযোগ্য এয়ে যে বৃহস্পতিবাৰে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে কানহায়ালালৰ পৰিয়ালৰ হাতত ৫১ লাখ টকাৰ চৰকাৰী সাহায্যৰ এখন চেক প্ৰদান কৰিছে।
Comments