Classifieds
View All
গুৱাহাটী,১ জুলাই:নেৰানেপেৰা বৰষুণৰ বাবে খহনীয়াই কালৰূপ ধাৰণ কৰিছে কৰিমগঞ্জত । কৰিমগঞ্জৰ পুয়ামাৰা এলেকাত অসম ত্ৰিপুৰা সংযোগী ৬ নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ প্ৰায় ৫০ মিটাৰ পথ খহি যায় । যাৰবাবে এতিয়া পথটোৰে যাতায়ত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে ৷ ৰাষ্ট্ৰীয় ঘাইপথটো খহি যোৱাৰ বাবে এতিয়া কৰিমগঞ্জৰ পৰা কোনো গাড়ী ত্ৰিপুৰালৈ যাব নোৱাৰিব ।
৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা লংঙাই নৈৰ পানীও ইতিমধ্যে বিপদ সীমাৰ ওপৰদি বৈছে ৷ ইপিনে আজি কৰিমগঞ্জৰ শনবিলৰ বান পৰিস্থিতি পৰিদৰ্শনৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মা অহাৰ কথা । তাৰ মাজতে ৰাষ্ট্ৰীয় ঘাইপথটো খহি বন্ধ হৈ পৰাত চিন্তিত হৈ পৰিছে প্ৰশাসনৰ লোক ।
Comments