ধেমাজি , ১ জুলাই ঃ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আহ্বানমৰ্মে আজি ধেমাজি তিনিআলিত ধেমাজি জিলা সমিতিয়ে অসমৰ বানপানী - গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা , বানত ক্ষতিগ্ৰস্ত ৰাইজক পুনৰ সংস্হাপন আৰু ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰা আৰু বৃহৎ নদীবান্ধ বন্ধ কৰাৰ দাৱীত অৱস্থান ধৰ্মঘট কাৰ্য্যসুচী ৰূপায়ণ কৰে ৷
অৱস্থান ধৰ্মঘট কাৰ্য্যসুচীত সংগঠনটোৰ শতাধিক কৰ্মী উপস্থিত থাকি অসম চৰকাৰ হায় হায় , বৃহৎ নদীবান্ধ বন্ধ কৰক , বান - গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰক আদি ভিন্ন ভিন্ন শ্ল’গানেৰে উওাল কৰি তোলে ৷ অৱস্থান ধৰ্মঘট কাৰ্য্যসুচীত অংশগ্ৰহণ কৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক ৰাতুল বৰগোহাঁই অসমৰ বানপানী-গৰাখহনীয়া সমস্যাটো তৎকালীনভাৱে ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ দাৱী জনায় ৷
ইয়াৰোপৰি বৃহৎ নদীবান্ধ বন্ধ কৰা আৰু বানত ক্ষতিগ্ৰস্ত লোকসকলক পুনৰ সংস্হাপন আৰু ক্ষতিপূৰণ দিবলৈ দাৱী তোলে ৷ অৱস্থান ধৰ্মঘট কাৰ্য্যসুচীত ধেমাজি জিলা সমিতিৰ সাধাৰণ সম্পাদক বিঞ্চু শৰ্মা আৰু অসম জাতীয়তাবাদী যুৱ ছাএ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাংস্কৃতিক সম্পাদক দেবজিত দাস উপস্থিত থাকে ৷
Comments