Cartoon
View Older
সোণাৰি, ১ জুলাই: সোণাৰি পৌৰসভাৰ কাৰ্যবাহী বিষয়া জাবেদ আৰমানে যোৱা ৩০ জুনত জাৰি কৰা এক জাননীমৰ্মে অহা ১৫ জুলাই তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ সোণাৰি পৌৰসভা এলেকাত গো-মাংস কিনা-বেচা তথা গো-মাংসৰ পৰা বনোৱা বস্তুৰ ব্যৱসায় সম্পূৰ্ণ নিষিদ্ধ কৰা হৈছে। এই আদেশ অমান্য কৰিলে পৌৰসভাই বিধিগত ব্যৱস্থা গ্ৰহণ কৰিব। উল্লেখ্য যে, এই সিদ্ধান্ত ৰাজহুৱা স্বাৰ্থৰ খাতিৰত সোণাৰি পৌৰসভাৰ সিদ্ধান্ত অনুযায়ী আৰু অসম চৰকাৰৰ "অসম গো-সুৰক্ষা আইন ২০২১"ৰ ৮ নং ধাৰা অনুসৰি গ্ৰহণ কৰা হৈছে।
Comments