গুৱাহাটী ঃ ষ্টাফ ৰিপ’ৰ্টাৰ, ১ জুলাই ঃ কামৰূপৰ আদালতত হাজিৰ হ’ব লাগিব দিল্লী চৰকাৰৰ উপ-মুখ্যমন্ত্ৰী মনীষ শিশোদিয়া৷ কভিডকালীন সময়ত অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ মালিকানাধীন এখন প্ৰতিষ্ঠানৰ জৰিয়তে অধিক দামত পি পি ই কীট ক্ৰয় কৰা বুলি সংবাদমেল পাতি অভিযোগ উত্থাপন কৰাৰ অভিযোগত কামৰূপ [গ্ৰাম্য]ৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত দিল্লীৰ উপ-মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অসমৰ মুখ্যমন্ত্ৰীয়ে ফৌজদাৰী মানহানিৰ গোচৰ ৰজু কৰিছে৷
উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে একেটা অভিযোগত দিল্লীৰ উপ-মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে অসমৰ মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ পত্নী ৰিণিকি শৰ্মা ভূঞাই দেৱানী মানহানি গোচৰ ৰজু কৰিছিল৷ ইতিমধ্যে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ অভিযোগ-পত্ৰৰ ভিত্তিত কামৰূপ [গ্ৰাম্য]ৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে কালি ভাৰতীয় দণ্ডবিধিৰ ৪৯৯, ৫০০ আৰু ৫০১ ধাৰা প্ৰয়োগ কৰি ৮১য২০২২ নম্বৰত এটা গোচৰ পঞ্জীয়ন কৰিছে৷
এই গোচৰটোৰ ভিত্তিত এতিয়া আদালতত উপস্থিত হ’ব লাগিব মনীষ শিশোদিয়া৷ ইফালে, অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মায়ো ২২ জুলাইত আদালতত উপস্থিত হৈ তেওঁ আৱেদনত উল্লেখ কৰা অভিযোগ সন্দৰ্ভত আদালতত স্পষ্টকৈ মৌখিকভাৱে কোৱাৰ সুযোগ লাভ কৰিব৷ উল্লেখযোগ্য যে জুনত দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ শিশোদিয়াই ২০২০ চনত কভিডকালীন সময়ত অসমত পি পি ই কীট ক্ৰয়ৰ নামত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ অনাৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ভ্ৰষ্টাচাৰৰ সৈতে জড়িত বুলি কৈছিল৷
বৰ্তমানৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা স্বাস্থ্য মন্ত্ৰী হৈ থকাৰ সময়ত পত্নীৰ মালিকানাধীন প্ৰতিষ্ঠানৰ নামত পি পি ই কীট যোগান ধৰাৰ দায়িত্ব অৰ্পণ কৰা বুলি অভিযোগ অনাৰ লগতে আনৰ পৰা ৬০০ টকা দামত ক্ৰয় কৰা পি পি ই কীট পত্নীৰ মালিকানাধীন প্ৰতিষ্ঠানৰ পৰা ৯০০ টকা দৰত ক্ৰয় কৰা বুলিও অভিযোগ কৰিছিল৷
সংবাদমেল অনুষ্ঠিত কৰি মনীষ শিশোদিয়াই উত্থাপন কৰা এই অভিযোগ ‘আপ’ৰ ইউ টিউব চেনেলতো আপলোড কৰা হৈছিল৷ কিন্তু মনীষ শিশোদিয়াৰ এই অভিযোগ মিছা বুলি সকীয়াই দিয়াৰ পাছতো কোনো স্পষ্টীকৰণ নিদিয়াত কালি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ হৈ তেওঁৰ অধিবক্তাই কামৰূপ [গ্ৰাম্য]ৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত ফৌজদাৰী মানহানি গোচৰ দাখিল কৰে৷
মনীষ শিশোদিয়াই চ্ছ্ৰ জুনত সংবাদমেল পাতি উত্থাপন কৰা অভিযোগ মিছা বুলি আদালতত দাখিল কৰা আৱেদনত উল্লেখ কৰাৰ লগতে ড॰ হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়াল বা তেওঁৰ পত্নীৰ মালিকানাধীন প্ৰতিষ্ঠানে পি পি ই কীট যোগানৰ কোনো নিবিদাত অংশগ্ৰহণ কৰা নাছিল বুলি আদালতক অৱগত কৰায়৷
আনহাতে, যিটো প্ৰতিষ্ঠানৰ বিৰুদ্ধে মনীষ শিশোদিয়াই অভিযোগ আনিছিল, সেই প্ৰতিষ্ঠানটোৱে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ পৰা কোনো ধন লোৱা নাছিল বা ঠিকাৰ বাবে আৱেদন কৰা নাছিল বুলি আদালতত দাখিল কৰা আৱেদনত স্পষ্ট কৰে৷ বিপৰীতে এই কথাও কয় যে সেই নিৰ্দিষ্ট প্ৰতিষ্ঠানখনে চি এছ আৰৰ অধীনতহে ১৫০০টা পি পি ই কীট দান হিচাপে আগবঢ়াইছিল৷
মনীষ শিশোদিয়াই উত্থাপন কৰা এটা অভিযোগো সঁচা নহয় বুলি উল্লেখ কৰি অধিবক্তাই আজি কয় যে যদি এই গোচৰত দিল্লীৰ উপ-মুখ্যমন্ত্ৰীগৰাকী অভিযুক্ত হয,þ তেন্তে ২ বছৰ পৰ্যন্ত সশ্ৰম কাৰাদণ্ডৰ সiুjখীন হ’ব লগা হ’ব পাৰে৷
Comments