নতুন দিল্লী, ১ জুলাইঃ দেশত বিতৰ্ক সৃষ্টি কৰা হজৰত মহম্মদ বিষয়ৰ মন্তব্যৰ বাবে নিলম্বিত বিজেপিৰ নেত্ৰী নূপুৰ শৰ্মাক উচ্ছতম ন্যায়ালয়ে তীব্ৰ ভৎৰ্সনা কৰে৷ ন্যায়ালয়ে কয় যে হজৰত মহম্মদৰ বিষয়ে তেওঁৰ মন্তব্য হয় ‘সস্তীয়া প্ৰচাৰ বা ৰাজনৈতিক কৰ্মসূচীৰ বাবে অথবা কোনো দূৰভিসন্ধিমূলক কাৰ্যকলাপ’ৰ [নেফাৰিয়াছ এক্টিভিটি] বাবে কৰা হৈছিল৷
হজৰত মহম্মদৰ বিষয়ে কৰা মন্তব্যৰ অভিযোগত নূপুৰ শৰ্মাৰ বিৰুদ্ধে বিভিন্ন ৰাজ্যত ৰুজু হোৱা এফ আই আৰসমূহ তদন্তৰ বাবে দিল্লীলৈ বদলি কৰিবলৈ শৰ্মাই উচ্ছতম ন্যায়ালয়ত জনোৱা আৱেদনৰ শুকুৰবাৰে শুনানি আছিল৷ শুনানি গ্ৰহণ কৰি উচ্ছতম ন্যায়ালয়ে কয় যে তেওঁ [নূপুৰ শৰ্মাই] ‘দেশৰ নিৰাপত্তাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিলে৷’ ন্যায়ালয়ে শৰ্মাৰ আৱেদন নাকচ কৰি তেওঁক যিকোনো সকাহৰ বাবে উচ্ছ ন্যায়ালয়ৰ দ্বাৰস্থ হ’বলৈ কয়৷
নূপুৰ শৰ্মাৰ হৈ ন্যায়ালয়ত উপস্থিত থকা জে্যষ্ঠ অধিবক্তা মনিন্দৰ সিঙে ন্যায়ালয়ক জনায় যে শৰ্মাই ইতিমধ্যে ক্ষমা বিচাৰিছে আৰু তেওঁৰ মন্তব্য প্ৰত্যাহাৰ কৰিছে৷
এই সন্দৰ্ভত ন্যায়ালয়ে কয় যে তেওঁ টিভিৰ যোগেদি ¸ ক্ষমা খোজা উচিত৷ ন্যায়ালয়ে আৰু কয়, ‘তেওঁ বহু পলমকৈ মন্তব্য প্ৰত্যাহাৰ কৰিলে... এইসকল মুঠেই ধাৰ্মিক লোক নহয়, তেওঁলোকে উচটনি দিবলৈ মন্তব্য কৰে৷’ কি পৰিস্থিতিত শৰ্মাই এই মন্তব্য কৰিছিল সেই বিষয়ে অধিবক্তা সিঙে বুজাবলৈ চেষ্টা কৰাৰ পাছত ন্যায়ালয়ে কয়, ‘গণতন্ত্ৰত ঘাঁহ গজিবই আৰু গাধই খাবই৷
কিন্তু ইয়াৰ অৰ্থ সেইটো নহয় যে আপোনাৰ যি মন যাব তাকে ক’ব৷ কিছু নিয়ন্ত্ৰণ থকাৰো দৰকাৰ৷’ নূপুৰ শৰ্মাৰ অধিবক্তা সিঙে ন্যায়ালয়ক কয় যে তেওঁৰ জীৱনৰ প্ৰতি ভাবুকি আহিছে৷ এই প্ৰসংগত ন্যায়াধীশ সূৰ্যকান্তই প্ৰশ্ন কৰে ‘তেওঁৰ প্ৰতি ভাবুকি আহিছে নে তেওঁ দেশৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি হৈছে? যিধৰণে
তেওঁ দেশজুৰি মানুহৰ আৱেগক উচটনি দিলে, দেশত যি ঘটি আছে তাৰ বাবে একমাত্ৰ তেৱেঁই দায়ী৷’ আনহাতে শেহতীয়াকৈ ৰাজস্থানৰ উদয়পুৰত নূপুৰ শৰ্মাক সমৰ্থন কৰি দিয়া সামাজিক মাধ্যমৰ এটা প’ষ্টৰ বাবে দুজন লোকে এজন হিন্দু দজ¹ক হত্যা কৰা ঘটনাৰ প্ৰসংগত পীঠে কয়, ‘ উদয়পুৰৰ দুৰ্ভাগ্যজনক ঘটনাৰ বাবে নূপুৰ শৰ্মাই [হজৰত মহম্মদৰ বিৰুদ্ধে] কৰা মন্তব্য দায়ী৷’
আনহাতে সিঙে ন্যায়ালয়ক জনায় যে শৰ্মাই দিল্লীৰ আৰক্ষীৰ তদন্তত সহযোগ কৰিছে আৰু পলাই থকা নাই৷ তদুপৰি একেটা অভিযোগতে শৰ্মাৰ বিৰুদ্ধে মুম্বাই, হায়দৰাবাদ, নাগপুৰৰ পৰা জম্মু-কাশ্মীৰলৈ গোচৰ ৰুজু হৈছে৷ তেতিয়া পীঠে প্ৰশ্ন কৰে, ‘তদন্তত এতিয়ালৈকে কি অগ্ৰগতি হৈছে? এতিয়ালৈকে দিল্লী আৰক্ষীয়ে কি কৰিলে?
আমাৰ মুখ খুলি নল’ব৷’ এই গোচৰত এজন ব্যক্তিৰ বাবে বিশেষ ব্যৱস্থা লোৱা হৈছে বুলি আদালতে মত প্ৰকাশ কৰি কয় যে যেতিয়া কাৰোবাৰ বিৰুদ্ধে এখন এফ আই আৰ ৰুজু কৰা হয়, তেতিয়া তেওঁক গ্ৰেপ্তাৰ কৰা হয়, কিন্তু শৰ্মাক গ্ৰেপ্তাৰ কৰা হোৱা নাছিল৷
উল্লেখযোগ্য যে মে’ৰ শেষভাগত টিভিৰ এটা বিতৰ্কৰ সময়ত বিজেপিৰ তদানীন্তন মুখপাত্ৰ নূপুৰ শৰ্মাই হজৰত মহম্মদৰ বিষয়ে আপত্তিজনক মন্তব্য কৰিছিল৷ এই মন্তব্যৰ বাবে দেশজুৰি প্ৰতিবাদ হোৱাৰ উপৰি বিশ্বৰ অতি কমেও ১৪খন দেশে উক্ত মন্তব্যৰ গৰিহণা দিছিল৷
Comments