গুৱাহাটী, ২ জুলাইঃ আইপিএছ লাকী চৌহানে বৰ্তমান ত্ৰিপুৰাৰ গোমতী জিলাৰ উদয়পুৰত এছপি হিচাপে নিযুক্তি লাভ কৰিছে। লাকী উত্তৰ প্ৰদেশৰ বুলন্দ চহৰৰ পৰা আহিছে আৰু সৰুৰে পৰা পঢ়া শুনাত এগৰাকী ভাল শিক্ষাৰ্থী আছিল। দেউতাকৰ এষাৰি মন্তব্যই লাকীক শিশুকালতে আই.পি.এছ. বিষয়া হ'বলৈ অনুপ্ৰাণিত কৰিছিল।
লাকীৰ জন্ম উত্তৰ প্ৰদেশৰ বুলন্দচহৰ জিলাৰ খুৰ্জা নামৰ এখন গাঁৱত হৈছিল। তেওঁৰ দেউতাক ৰোহতাশ সিং চৌহান পেছাত এগৰাকী সম্পত্তিৰ ব্যৱসায়ী। আনহাতে তেওঁৰ মাতৃ সুমন লতা চৌহান এগৰাকী শিক্ষয়ত্ৰী আছিল। ইপিনে, দেউতাকৰ মতে, লাকী সৰুৰে পৰা এগৰাকী প্ৰতিশ্ৰুতিবদ্ধ ছাত্ৰী আছিল। লাকীয়ে নাৰ্চাৰী শ্ৰেণীত থাকোতে প্ৰতিযোগিতাসমূহত প্ৰথম স্থান লাভ কৰিছিল। তাৰ পিছত তেওঁক এছপি আৰু জিলা উপায়ুক্তৰ দ্বাৰা সন্মানিত কৰা হৈছিল।
সেয়েহে, দেউতাকে লাকীক এছপি অথবা উপায়ুক্ত হ'বলৈ অনুপ্রাণিত কৰিছিল। এই পৰামৰ্শ লাকীৰ মনত সোমাই গৈছিল আৰু যেতিয়াই কোনোবাই তেওঁক তেওঁৰ সপোনৰ বিষয়ে সুধিছিল, তেতিয়া লাকীয়ে উত্তৰত দেউতাকে কোৱা কথাখিনি কৈছিল। লাকীয়ে দ্বাদশ শ্ৰেণীত বিজ্ঞান শাখা বাছনি কৰিছিল।
ইয়াৰ পিছত তেওঁ ইংৰাজী সাহিত্য আৰু ইতিহাসত স্নাতক ডিগ্ৰী লাভ কৰে। স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পিছত, লাকীয়ে সহকাৰী কল্যাণ প্ৰশাসক হিচাপে কাম কৰা আৰম্ভ কৰে। যদিও তেওঁৰ সপোন আছিল এজন আইপিএছ বিষয়া হোৱা। সেয়েহে, তেওঁ ইউ.পি.এছ.চি. পৰীক্ষাৰ প্ৰস্তুতি চলোৱাৰ সিদ্ধান্ত লৈছিল।
লাকীয়ে তেওঁৰ চৰকাৰী চাকৰিৰ সৈতে ইউ পি এছ চি পৰীক্ষাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছিল। তেওঁ কঠোৰ পৰিশ্ৰম কৰিছিল আৰু অৱশেষত তিনি বছৰৰ কঠোৰ পৰিশ্ৰমৰ পিছত উত্তীর্ণ হৈছিল। লাকীয়ে ২০১২ চনত সৰ্বভাৰতীয় পৰ্যায়ত ২৪৬ ননম্বৰ স্থান লাভ কৰিছিল আৰু এজন আইপিএছ বিষয়া হৈছিল।
লাকীক কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে তেওঁৰ প্ৰশিক্ষণৰ সময়ত তেওঁৰ প্ৰদৰ্শনৰ আধাৰত ত্ৰিপুৰা কেডাৰৰ দায়িত্ব প্ৰদান কৰিছিল। তেওঁ এতিয়ালৈকে ৰাজ্যখনৰ বহুতো গুৰুত্বপূৰ্ণ পদত সেৱা আগবঢ়াইছে।
Comments