গুৱাহাটী, ২ জুলাইঃ কৰণ জোহৰে তেওঁৰ বিখ্যাত টক শ্ব' 'কফি উইথ কৰণ'ৰ সপ্তম চিজনটো ঘোষণা কৰিছে। ইয়াৰ লগতে সোনকালেই সকলোৰে প্ৰিয় তাৰকাসকলক আনন্দ মনেৰে বিভিন্ন ৰোমাঞ্চকৰ প্ৰশ্নৰ উত্তৰ দিয়া, মুকলিমুৰীয়াকৈ কথা পতা দেখা যাব। যদিও কিছুমান অভিনেতাই এই চিজনৰ পৰা অনুষ্ঠানটোত আত্মপ্ৰকাশ কৰিবগৈ, আন কিছুমান আছে যিয়ে আকৌ এবাৰ কৰণৰ অনুষ্ঠানটোত অংশগ্রহণ কৰিব।
এনে পৰিস্থিতিত, এগৰাকী চেলিব্ৰিটি আছে যি এতিয়ালৈকে 'কফি উইথ কৰণ'ৰ প্ৰতিটো চিজনত অংশগ্ৰহণ কৰিছে আৰু সেয়া হৈছে প্ৰিয়ংকা চোপ্ৰা।
'কফি উইথ কৰণ'ৰ পঞ্চম চিজনত, প্ৰিয়ংকা চোপ্ৰাই কৈছিল যে, "মই মোৰ ব্যক্তিগত জীৱনৰ বেছিভাগ কথা ভাগ বতৰা কৰিবলৈ ভাল নাপাও, কিয়নো তেওঁ বিশ্বাস কৰে যে সেই ভাল বস্তুবোৰত কাৰোবাৰ বেয়া দৃষ্টি পৰিব পাৰে।" এই প্ৰসংগত কৰণে কৈছিল যে, "মানুহবোৰ আজিকালি আগৰ তুলনাত বহুত সুৰক্ষিত।"
ইয়াৰ পিছত, প্ৰিয়ংকাই আকৌ কৈছিল, 'মই কেতিয়াও মোৰ ব্যক্তিগত জীৱনৰ বিষয়ে কথা পতা নাই। মই মাত্ৰ অনুভৱ কৰোঁ যে ইয়াৰ কোনো অৰ্থ নাই। মই এনেকুৱাই, কোনেও কেতিয়াও নাজানে যে বিয়াৰ পিছত পিন্ধা আঙুঠি নাথাকিলে সম্পৰ্ক কিমান দিন চলিব! মই সঁচাকৈয়ে বিশ্বাস কৰোঁ যে কিছুমান ভাল বস্তুত মানুহৰ বেয়া দৃষ্টিও পৰে। সেয়েহ, সেইবোৰৰ যত্ন লোৱা উচিত।"
Comments